NORTHEAST NOW (Assamese)

শনিবাৰে ব্যাপক উলহ-মালহৰে উদযাপন কৰা হ’ব ১৬ তম বড়োলেণ্ড দিৱস

February 9, 2018 10:35 am · ৰিনয় বসুমতাৰী
Updated: February 9, 2018 5:39 pm

বিভিন্ন জনগোষ্ঠীৰ মিলন ভূমি , বিটিচিৰ প্ৰান কেন্দ্ৰ কোকৰাঝাৰত বিগত বছৰৰ দৰে এই বেলিও ব্যাপক উলহ মালহৰে উদযাপন কৰা হ’ব ১৬ তম বড়োলেণ্ড দিৱস । কোকৰাঝাৰ বডোফা নৌগৰ তথা বিটিচি সচিবালয় পথাৰত শনিবাৰে দিনযোৰা ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই দিৱস।

বৰ্ণিল কাৰ্যসূচীৰে বড়োলেণ্ড দিৱস উদযাপন কৰিবলৈ দিনে নিশাই কাম কৰি সভাস্থলী নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। বিটিএডিৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুড়িৰ লগতে বিটিএডিৰ বাহিৰৰ পৰা প্ৰায়  ২৫ হেজাৰতকৈও অধিক বিভিন্ন জনগোষ্ঠীৰ লোক বড়োলেণ্ড দিৱসত উপস্থিত থাকিব বুলি আয়োজকে জানিবলৈ দিয়ে।

বড়োলেণ্ড দিৱসৰ প্ৰথম কাৰ্যসূচী পুৱা ৬ বজাৰ পৰাই আৰম্ভ হ’ব। কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত প্ৰভাত ফেৰী, ৮ বজাত বড়োলেণ্ড চহিদ সকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ, ৮.৪০ বজাত বিটিচি সচিবালয়ৰ প্ৰাংগণত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পন, ৯ বজাত সভাস্থলীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৯.১৫ বজাত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ’ব।

এই অনুষ্ঠানসমূহৰ অন্ত পৰাৰ পিছত অনুষ্ঠিত হ’ব চহিদ দিৱসৰ মুকলি সভা। বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বড়োলেণ্ড দিৱসৰ বিষয়ে সদৰী কৰা মতে মুকলি সভাত মুখ্য অতিথি ৰূপে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সন্মানীয় অতিথিৰূপে কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকিব।

এই মুকলি সভাত বিটিচিৰ বিভিন্ন বিভাগৰ জনকল্যাণমূলক ন ন আঁচনি ঘোষণা কৰা হ’ব বুলিও বিটিচি প্ৰধানজনে জানিবলৈ দিয়ে।

আনহাতে বড়োলেণ্ড দিৱস উদযাপন সমিতিৰ সভাপতি তথা বিটিচিৰ খেল বিভাগৰ কাৰ্যবাহী সদস্য ধনেশ্বৰ গয়াৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মুকলি সভাত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিভাৱান খেলুৱৈ ফৈলাও বসুমতাৰী, মীনু বসুমতাৰী জমুনা বড়োৰ লগতে বিভিন্ন ক্ষেত্ৰত বিটিচিৰ নাম উজলাই তুলিবলৈ সক্ষম হোৱা ব্যক্তি সকলক আৰ্থিক বঁটা তথা সম্বৰ্ধনা জনোৱা হ’ব।

শনিবাৰে হ’বলগীয়া উক্ত বড়োলেণ্ড দিৱসত সকলো ৰাইজক অংশগ্ৰহণ কৰিবলৈ আৰু উক্ত দিনা কোনো ধৰণৰ বন্ধ ঘোষণা নকৰিবলৈ সংগঠন সমূহক আহ্বান জনাইছে ধনেশ্বৰ গয়াৰীয়ে।

Related News