NORTHEAST NOW (Assamese)

শিলচৰত তিনিজন নগা উগ্ৰপন্থীক গ্ৰেপ্তাৰ

December 1, 2017 2:00 pm · এন ই নাও নিউজ ব্যুৰো, শিলচৰ:

শিলচৰত যোৱা নিশা আৰক্ষীয়ে  চলোৱা এক অভিযানত তিনিটা নগা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী তিনিটাক ছামগেইলুং, কেইৰিজিন আৰু থুইজিনাং বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে উগ্ৰপন্থী কেইজন মনিপুৰৰ পৰা আহিছিল।

আৰক্ষীয়ে উগ্ৰপন্থী কেইজনৰ পৰা বৃহৎ পৰিমানৰ জীৱন্ত গুলি আৰু দুটা পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান আৰক্ষীয়ে উগ্ৰপন্থী কেইজনৰ পৰা বিতং তথ্য বিচাৰি জেৰা অব্যাহত ৰাখিছে।

Related News