NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ ডিমৌত পথ দুৰ্ঘটনা

Posted by: এন ই নাও নিউজ ব্যুৰো, ডিমৌ: November 27, 2017 3:58 pm
শিৱসাগৰৰ ডিমৌত পথ দুৰ্ঘটনা

আজি সন্ধিয়া ৮.৪৫ মান বজাত ডিমৌত এটা পথ দুৰ্ঘটনা সংঘটিত হয়। খবৰমতে ডিমৌৰ দিশৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকা এখন টাটা ছুম’ গাড়ীয়ে ডিমৌ মধুপুৰত থকা শ্ৰীমন্ত শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ সন্মুখত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে। ফলত ছুম’খনত থকা কেইবাজনো যাত্ৰী আহত হয়। জানিব পৰা মতে ছুম’খন ডিমৌৰ পৰা চেলেংহাটলৈ গৈ আছিল। জানিব পৰা মতে ছুম’খনৰ যাত্ৰীসকল খঁৰাহাটৰ গুণধৰ নায়কৰ ঘৰত ধান দাবলৈ গৈছিল আৰু ধান দাই ঘূৰি আহিছিল।  দুৰ্ঘটনাত পতিত ছুম’খনৰ নং AS 25 B2837 আনহাতে ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাকখনৰ নং HR 55 K5086.

শেহতীয়া খবৰমতে ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে নিয়ে প্ৰসাদ পাত্ৰ (৬০)ৰ ডিব্ৰুগড়ত মৃত্যু হয় । দীপক মিশ্ৰ (৬০), মুকুন্দ নায়ক (৫০), সুন্দৰ কুমাৰ(১২), পাৰ্থজোতি গোৱালা(৫০), উলি মিশ্ৰ(৫০), উৰ্মিলা নায়ক(৪০), মিনতি নায়ক (৩৫) সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ অাছে ।