NORTHEAST NOW (Assamese)

সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত আটক এজন এন এচ চি এন(কে) সদস্য

January 18, 2018 10:28 am · এন ই নাও নিউজ
Updated: January 18, 2018 10:30 am

অসম আৰক্ষী আৰু ভাৰতীয় সেনাৰ যুটীয়া অভিযানত এনএচ চিএনৰ অস্থায়ী শিবিৰ উৎখাত কৰাৰ লগতে ৫ খন মটৰচাইকেল আৰু এখন বলেৰ’ পিক আপ ভান জব্দ কৰিবলৈ সক্ষম হৈছে।

খবৰ পোৱা অনুসৰি বুধবাৰে ভাৰতীয় সেনাবাহিনী আৰু অসম আৰক্ষীৰ এটা দলে নাজিৰা মহকুমাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত অভিযান চলোৱাত এজন এন এচ চি এন কেদাৰ আটক কৰাৰ লগতে এটা শিবিৰ উৎখাত কৰিবলৈ সক্ষম হয়।

যৌথ অভিযানৰ সময়ত গেলেকী সীমান্তবৰ্তী স্মিথপুলৰ পৰা তুইচাই লিম্বা ওৰফে দামচিন লিম্বা নামৰ এজন এন এচ চি এন(কে) কেডাৰ আটক হয়। আটকাধীন উগ্ৰপন্থীজনৰ পৰা ভাৰতত নিৰ্মিত এটা ৭.৬৫ এম এম পিষ্টল, ২ জাই সজীৱ গুলী, ৫ খন মটৰচাইকেল, এখন বলেৰ’ পিক আপ ভান আৰু বহুতো আপত্তিজনক নথিপত্ৰ জব্দ কৰে।

স্মৰ্তব্য যে আগন্তুক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে কূটাঘাটমুলক কাৰ্যকলাপ সংঘটিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ সীমামূৰীয়া অঞ্চলসমুহত উগ্ৰপন্থী সংগঠন সমুহৰ তৎপৰতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে। বিদ্ৰোহীৰ কূটাঘাতৰ আশংকা দেখিয়েই ৰাজ্য চৰকাৰে হাই এলাৰ্ট জাৰি কৰা বুলি জনায়। গণৰাজ্য দিৱসত আলফা(স্বা) আৰু এন এচ চি এন(কে) গোটে ৰাজ্যত যুটীয়াভাবে সন্ত্ৰাস সৃষ্টি কৰিব পাৰে বুলি এক শুত্ৰৰ পৰা তথ্য পোৱাৰ পিছতে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে।

Related News