NORTHEAST NOW (Assamese)

স্বৰ্ণকন্যা হিমা দাসৰ বাসগৃহত সত্ৰ মহাসভাৰ প্ৰতিনিধি, আলফা নেতা

July 20, 2018 12:39 pm · মিণ্টু দাস

ফিনলেণ্ডৰ টেম্পৰেত অনুষ্ঠিত বিশ্ব এথলেটিকচ চেম্পিয়নশ্বিপৰ অনুৰ্ধ্ব ২০ ৰ ৪০০ মিটাৰ দৌৰ শাখাত স্বৰ্ণপদক অৰ্জনেৰে দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে দৌৰবিদ হিমা দাসে। হিমা এতিয়া সাত সাগৰ তেৰ নদীৰ সিপাৰৰ চেক গণৰাজ্যৰ প্ৰাগ চহৰত এচিয়াদৰ বাবে ব্যস্ত কঠোৰ অনুশীলনত।

হিমা নাই যদিও তাই থকা সঁজাতো চাবলৈ ভিৰ কৰিছেহি অগণন লোকে। ইতিমধ্যে প্ৰায় প্ৰতিদিনে তাইক লালন-পালন কৰা পিতৃ-মাতৃক তথা পৰিয়ালবৰ্গক অলপমান আশীৰ্বাদ দিবলৈ বিভিন্ন লোকৰ লগতে দল সংগঠন তথা ৰাজনৈতিক নেতাই ভিৰ কৰা পৰিলক্ষিত হৈছে।

হিমাৰ সফলতাৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো হিমাৰ জন্মগাঁও ধিঙৰ কান্ধুলিমাৰীত প্ৰতিদিনেই বিৰাজ কৰিছে এক উদুলি-মুদুলি পৰিবেশে। কিয়নো দেশ তথা ৰাজ্যৰ ৰাজনৈতিক নেতা, বিভিন্ন ক্ষেত্ৰৰ আগৰণুৱা ব্যক্তিৰ নিতৌ আগমন ঘটিছে হিমাৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি অভিনন্দন জনোৱাৰ উদ্দেশ্যে।

ইপিনে, হিমা দাসৰ বাসগৃহত আলফা নেতা অনুপ চেতিয়া আৰু অসম সত্ৰ মহাসভাৰ পশ্চিম নগাঁও জিলা সমিতিৰ এটি দলো কালি উপস্থিত হৈ হিমাই কঢ়িয়াই অনাই সাফল্যৰ বাবে পিতৃ-মাতৃক অসমীয়াৰ স্বাভিমান গামোচা পিন্ধাই অভিনন্দন জনায়।

উল্লেখ্য যে, অসম সত্ৰ মহাসভাৰ পশ্চিম নগাঁও জিলা সমিতিয়ে হিমাৰ পিতৃ-মাতৃক শুভেচ্ছা জ্ঞাপন কৰে। হিমাই সমগ্ৰ দেশৰ লগতে অসমবাসীৰো গৌৰৱ বৃদ্ধি কৰিলে বুলি কয় পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি তথা সত্ৰাধিকাৰ ঘনমোহন গোস্বামীয়ে।

হিমা দাসৰ ঘৰলৈ অহা দলটোত পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি হেমচন্দ্ৰ তামূলী, উপ-সভাপতি কুশ বৰদলৈ, ডেকাসত্ৰীয়া প্ৰমথেশ দেৱ গোস্বামী, প্ৰাক্তন সম্পাদক বুধিন মহন্ত, সম্পাদক মানিক বৰাৰ লগতে সত্ৰ মহাসভাৰ ধিং-বটদ্ৰৱা-ডুমডুমীয়া বালিসত্ৰ আঞ্চলিকৰ সভাপতি মুকুল কলিতা উপস্থিত হৈ হিমাৰ পিতৃ-মাতৃক ফুলাম গামোচা, শৰাই আৰু এখন ধৰ্ম শাস্ত্ৰৰে সম্বৰ্ধনা জনায়।

আনহাতে, হিমাৰ ঘৰত আলফা নেতা অনুপ চেতিয়াই কালি বিয়লি পুত্ৰ-জীয়ৰী আৰু পৰিবাৰসহ উপস্থিত হৈ হিমা দাসৰ পিতৃ-মাতৃ তথা পৰিয়ালক অভিনন্দন জনায়। ইয়াৰ উপৰি হিমাৰ লগত ভিডিঅ’ কলিং কৰি শুভেচ্ছা জনাই অনুপ চেতিয়াই। চেতিয়াৰ জীয়ৰীয়ে লগতে নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰি ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত জেনেভাত দিয়া ভাষণ প্ৰসংগত সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায়।

Related News