NORTHEAST NOW (Assamese)

হায় সৰ্বশিক্ষা: হাফলঙৰ পৰাই চলিছে পাঁচটা ব্লক মিছনৰ কাৰ্যালয়

April 20, 2018 12:50 pm · পংকজকুমাৰ দেব
Updated: April 20, 2018 4:37 pm
হাফলংত থকা দিয়ুঙব্ৰা কাৰ্যালয়ৰ দৃশ্য

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক উন্নয়নৰ হকে নতুন নতুন নীতি গ্ৰহণ কৰাৰ বিপৰীতে এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগীয় কৰ্তপক্ষই নেতিবাচক ভূমিকা লোৱাৰ অভিযোগ উত্থাপন হৈছে।

ডিমা হাচাও জিলাৰ সৰ্বশিক্ষা অভিযানৰ পাঁচটা ব্ল’ক মিছনৰ কাৰ্যালয় যোৱা এক দশক ধৰি নানা ফন্দিৰে হাফলঙত চলি আছে।

জিলাখনৰ হাৰাঙ্গাজাও আৰু চাঙবাৰ ব্ল’ক হাৰাঙ্গাজাও আৰু উমৰাঙচুত থকাৰ বিপৰীতে হাফলঙৰ বিজেপি কাৰ্যালয়ৰ কাষৰ ঘৰটোত চলি আছে। একেদৰে দিয়ুঙব্ৰা শিক্ষা ব্ল’কৰ কাৰ্যালয় দিয়ুঙব্ৰাৰ বিপৰীতে হাফলঙৰ চিন’ড কমপ্লেক্সৰ সমীপৱৰ্তী কোঠালীত চলি থকা পৰিলক্ষিত হৈছে। আনহাতে মাহুৰ ব্ল’ক মিছনৰ কাৰ্যালয় চংপিজান ৰোডৰ এটা সৰু ঘৰত চলি থকাৰ বিপৰীতে মাইবাঙ ব্ল’ক মিছনৰ কাৰ্যালয় হাফলং ট্যুৰিজিম কাৰ্যালয়ৰ ওচৰত থকা লামডিং-শিলচৰ বাছ আস্থানৰ কাষতে থকা ভৱনৰ প্ৰথম মহলাত বিগত কেইবা বছৰ ধৰি চলি আছে।

অভিযোগ অনুসৰি সম্প্ৰতি হাফলঙৰ বিভিন্ন প্ৰান্তত বিএমচি কাৰ্যালয় চলি আছে। ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ এল জেদ নামপুইৰ লগত বুজাবুজিৰে হাফলংত উপৰিউক্ত কাৰ্যালয় চলি আছে। যাৰ ফলত হাৰাশাস্তিৰ সম্মুখীন হৈছে জিলাৰ প্ৰায় ৯ শতাধিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে হেজাৰ হেজাৰ ছাত্ৰ-ছাত্ৰী। কিয়নো আটাইবোৰ ব্ল’ক মিছনৰ কাৰ্যালয় হাফলঙত থকাত জিলাৰ প্ৰতিখন বিদ্যালয় প্ৰধানে চৰকাৰী কাম-কাজৰ বাবে হাফলঙলৈ আহিব লগা হৈছে।

সংশ্লিষ্ট ব্ল’ক মিছনৰ কাৰ্যালয় ঠায়ে ঠায়ে থকাৰ পাছতো হাফলঙত বছৰৰ পাছত বছৰ কিয় থাকিব লগা হৈছে তাক লৈ সৰৱ চৰ্চা চলিছে ৰাইজৰ মাজত।

উল্লেখযোগ্য যে দিয়ুঙব্ৰাত ব্ল’কৰ অধীনত বিদ্যালয়ৰ সংখ্যা ১৪০। অভিযোগ অনুসৰি মাথোঁ দিয়ুঙব্ৰা বিএমচি কাৰ্যালয়ৰ ছগৰাকী বিষয়া-কৰ্মীৰ বাবে ১৪০ খন বিদ্যালয়ৰ শিক্ষকে হাৰাশাস্তি ভুগিবলগা হৈছে।

চাঙবাৰ ব্ল’কতো একেই অৱস্থা। যিটো কাৰ্যালয় উমৰাঙচুত থাকিব লাগে, সেই কাৰ্যালয়টো আছে হাফলঙত। চাঙবাৰ আৰু হাৰাঙ্গাজাও ব্ল’কৰ বিএমচিও এগৰাকী ব্যক্তি। নাম তেওঁৰ এল দৰ্গান। তেওঁ অস্থায়ী হিচাপে আছে। তেওঁৰ অভিযোগ কাৰ্যালয়ৰ আন্তঃগাঁথনি উন্নত নহয়। মাহুৰ ব্ল’ক বিষয়াইও ইন্টাৰনেটৰ সমস্যা দাঙি ধৰে।

উল্লেখযোগ্য যে ডিমা হাচাও জিলাৰ অধিকাংশ প্ৰাথমিক বিদ্যালয়ত একমাত্ৰ শিক্ষকে পাঠদান কৰে। এনে পৰিস্থিতিত হাফলঙত প্ৰতিটো ব্ল’ক মিছনৰ কাৰ্যালয় থকাত বিদ্যালয়ৰ পাঠদানত ব্যাঘাত জন্মে। কিয়নো গাঁও এৰি এবাৰ হাফলঙলৈ আহিলে কমেও দুদিন বিদ্যালয় বন্ধ থাকে।

Related News