NORTHEAST NOW (Assamese)

১১ আৰু ১২ মাৰ্চত দুদিনীয়াকৈ মৰিগাঁও জিলা সাহিত্য সভাৰ পঞ্চদশ বাৰ্ষিক অধিৱেশন

March 3, 2018 4:03 pm · এন ই নাও নিউজ

অলপতে মৰিগাঁও জিলা সাহিত্য সভাৰ বাবে বিষয়ববীয়া নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। সেই অনুসৰি মৰিগাঁও জিলা সাহিত্য সভাৰ গুৰুচৰণ মেধি ভৱনত অনুষ্ঠিত এখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহকত ইয়াৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফল অনুসৰি মৰিগাঁও জিলা সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ কাৰ্যকালৰ বাবে বিশিষ্ট লেখক-সাংস্কৃতিক কৰ্মী বুবুমণি গোস্বামী সভাপতি নিৰ্বাচিত হোৱাৰ লগতে সভাৰ উপ-সভাপতি আৰু সম্পাদক পদত যুগল কিশোৰী চৌধুৰী আৰু পিনাকী ভূষণ মহন্ত নিৰ্বাচিত হৈছে।

কাৰ্য্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি অহা ১১ আৰু ১২ মাৰ্চত অনুষ্ঠিত মৰিগাঁও জিলা সাহিত্য সভাৰ পঞ্চদশ বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ’ব। এইখন হ’ব জিলা সাহিত্য সভাৰ ৰূপালী জয়ন্তী বৰ্ষ বিশেষ অধিৱেশন।

মৰিগাঁও শাখা সাহিত্য সভাৰ তত্ত্বাৱধানত অনুষ্ঠিত জিলা সাহিত্য সভাৰ ৰূপালী জয়ন্তী বিশেষ এই অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলি থকা বুলি জানিব পৰা গৈছে।

অধিৱেশনৰ বাবে বিৰিঞ্চি শৰ্মাক সভাপতি, ঘন বৰাক কাৰ্যকৰী সভাপতি আৰু জাকিৰ হুছেইন আৰু প্ৰণৱ কুমাৰ ভট্টাচাৰ্যক সম্পাদক হিচাপে লৈ অভ্যৰ্থনা সমিতি গঠন কৰি দিয়া হৈছে।

জিলা সাহিত্য সভাৰ সম্পাদক অজিত শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ১১ মাৰ্চৰ পুৱা ১১ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ লগতে ১২ মাৰ্চৰ পুৱা ১০ বজাত কবি সন্মিলনৰ লগতে দিনৰ ১ বজাত মুকলি সভা অনুষ্ঠিত হ’ব।

মুকলি সভাত নৱ নিৰ্বাচিত  সভাপতি বুবুমণি গোস্বামীয়ে সভাপতিত্ব কৰাৰ লগতে মুখ্য অতিথি হিচাপে   উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী। সন্মানীয় অতিথি হিচাপে প্ৰধান সম্পাদক পদুম ৰাজখোৱা আৰু বিশিষ্ট অতিথি হিচাপে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, বিধায়ক পীযূষ হাজৰিকা, তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই অংশগ্ৰহণ কৰিব।

অধিৱেশনৰ স্মৃতিগ্ৰন্থ আৰু জিলা সভাৰ পত্ৰিকা উন্মোচন কৰিব ক্ৰমে জিলা উপায়ুক্ত হেমেন দাস আৰু প্ৰতিষ্ঠাপক সভাপতি নৰেন্দ্ৰ নাথ কেওটে। আনহাতে সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব মৰিগাঁও সাহিত্য সভাৰ সভাপতি স্মৃতিৰেখা গোহাঁয়ে।

Related News