NORTHEAST NOW (Assamese)
অসম

১৮ এপ্ৰিলত মাজুলী মহাবিদ্যালয়ত শিক্ষাৰত্ন অতুল চন্দ্ৰ গোস্বামীৰ আবক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠান

Posted by: মিটু খাটনিয়াৰ April 12, 2018 11:43 am
১৮ এপ্ৰিলত মাজুলী মহাবিদ্যালয়ত শিক্ষাৰত্ন অতুল চন্দ্ৰ গোস্বামীৰ আবক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠান

মাজুলী মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শিক্ষাৰত্ন অতুল চন্দ্ৰ গোস্বামীৰ এটি আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰা হ’ব। শিক্ষাৰত্ন গৰাকীৰ সপ্তম স্মৃতি দিৱস উপলক্ষে ১৮এপ্ৰিলত মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ এটা আবক্ষ মূৰ্তি স্থাপনৰ সিদ্ধান্ত গ্ৰহন কৰিছে।

মহাবিদ্যলয়ৰ কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে প্ৰতিষ্ঠাপক অধ্যক্ষ গৰাকীৰ আবক্ষ মূৰ্তি স্থাপনৰ প্ৰতি তেওঁৰ পৰিয়ালবৰ্গই সহযোগিতা আগবঢ়াইছে।

শ্ৰী শ্ৰী আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ ড০ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে অতুল চন্দ্ৰ গোস্বামীয়ে আবক্ষ মূৰ্তিটো শুভ উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে।

১৮ এপ্ৰিলৰ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হব লগা উক্ত উদ্বোধনী অনুষ্ঠানটোত সকলো শুভাকাংখীক উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ শইকীয়া আৰু পৰিয়ালবৰ্গই ৰাইজৰ প্ৰতি আহ্বান জনাইছে ।