NORTHEAST NOW (Assamese)

১৯ৰ পৰা ২১ জানুৱাৰীলৈ শংকৰদেৱ কলাক্ষেত্ৰত ‘ৰঙালী উৎসৱ’ৰ আয়োজন

January 18, 2018 1:59 pm · এন ই নাও নিউজ

অসমৰ বাৰেৰহণীয়া সংস্কৃতিক অনন্ন্য ৰূপত তুলি ধৰাৰ উদ্দেশ্যে অহা ১৯ৰ পৰা ২১ জানুৱাৰীলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত চতুৰ্থ বৰ্ষৰ বাবে ‘ৰঙালী উৎসৱ’ৰ আয়োজন কৰা হৈছে।

মহানগৰীৰ এখন হোটেলত ১৬ জানুৱাৰীত আয়োজন কৰা এখন সংবাদমেলত ‘ৰঙালী উৎসৱ’ অন্যতম আয়োজক শ্যামকানু মহন্তই এই কথা জানিবলৈ দি কয় যে ১৯ জানুৱাৰীত সন্ধিয়া ৭.৩০ বজাত ৰাজ্যপাল জগদীশ মুখীয়ে উক্ত অনুষ্ঠানটো উদ্বোধন কৰিব।

উল্লেখযোগ্য যে তিনি দিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত উৎসৱটোৰ সৈতে সংগতি ৰাখি অংকীয়া ভাওনা, মুখা ভাওনা, কৰিঅ’গ্ৰাফী প্ৰতিযোগিতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰ’ক বেণ্ড, নৃত্য পৰিবেশন, হস্তশিল্পৰ প্ৰদৰ্শনী আদি বিভিন্ন আকৰ্ষণীয় অনুষ্ঠানৰ আযোজন কৰা হৈছে। ইয়াৰোপৰি উক্ত উৎসৱটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, চুকাফা, চিলাৰায়, লাচিত বৰফুকন, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা স্মাৰক বিশেষ সন্ধিয়াৰো আয়োজন কৰা হৈছে।

মহন্তই আৰু জানিবলৈ দিয়া অনুসৰি ১৯ তাৰিখে দিনৰ ১১ বজাত দীঘলীপুখুৰীত নাওখেল প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব। আনহাতে ২০ জানুৱাৰীত নীলোৎপল বৰা, ৰঘু দীক্ষিত, জুবিন গাৰ্গ আৰু ২১ জানুৱাৰীত ‘নিউক্লিয়াৰ’, ল’কেল ট্ৰেইন, পাপন, জুবলী আদি শিল্পীৰ লগতে আমন্ত্ৰিত ৰ’ক বেণ্ডে আকৰ্ষণীয় অনুষ্ঠান পৰিবেশন কৰিব।

 

Related News