NORTHEAST NOW (Assamese)

২৬ এপ্রিলৰ পৰা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ দুদিনীয়া কাৰ্যনিৰ্বাহক

April 23, 2018 1:51 pm · এন ই নাও নিউজ

অহা ২৬ আৰু ২৭ এপ্ৰিলত আগৰতলাত এন এফ  ৰে’লৱে মজদুৰ ইউনিয়নৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব। লামডিং ডিভিজনৰ অন্তৰ্গত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ আগৰতলা শাখাৰ দ্বাৰা আয়োজিত কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

উল্লেখযোগ্য যে এন এফ  ৰে’লৱেৰ পাঁচটা ডিভিজন ক্ৰমে তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ, কাটিহাৰৰ উপৰি বঙাইগাঁও আৰু ডিব্ৰুগড় ৱৰ্ক শ্ব’পকে ধৰি মুঠ ৫২টা শাখাৰ পৰা দুই শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

এইবাৰ কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰি অহা শ্ৰমিকবিৰোধী নীতিকে ধৰি সপ্তম দৰমহা আয়োগৰ ফিটমেন ফৰ্মূলা সংশোধন কৰি ১৮ হাজাৰৰ পৰা ২৬ হাজাৰ টকা ন্যূনতম দৰমহা কাৰ্যকৰী কৰা, নতুন পেঞ্চন নীতি অতি সোনকালে বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰা, ভাৰতীয় ৰে’লৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া বন্ধ কৰা, এশ শতাংশ প্ৰত্যক্ষ বিদেশী পুঁজি বিনিযোগ নীতি বাতিল কৰা আদি দাবীক লৈ ধাৰাবাহিকভাৱে আন্দোলন কৰি থকাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদলৈ কৰ্ণপাত নকৰাত কাৰ্যনিৰ্বাহক যথেষ্ট উত্তপ্ত হ’ব বুলি ধাৰণা কৰা হৈছে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এইবাৰ কাৰ্যনিৰ্বাহক সভাত অল ইণ্ডিয়া ৰে’লৱে মেনছ ফেডাৰেশ্যনৰ সভাপতি ৰাখাল দাশগুপ্তা আৰু সাধাৰণ সম্পাদক শিৱগোপাল  মিশ্ৰও উপস্থিত থাকিব। কাৰ্যসূচী অনুসৰি ২৬ এপ্ৰিলৰ পুৱা পতাকা উত্তোলন, শোভাযাত্ৰা, কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী অনুষ্ঠান, মহিলা সমিতিৰ সভা, যুৱ সমিতিৰ সভা আৰু বিয়লি মুকলি সভা অনুষ্ঠিত হ’ব।

মুকলি সভাত অল ইণ্ডিয়া ৰে’লৱে মেনছ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক শিৱগোপাল  মিশ্ৰই নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে চলিত বৰ্ষতে নিউ  জলপাইগুৰিত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ হীৰক জয়ন্তী বৰ্ষ উদ্‌যাপন কৰিবলৈও কাৰ্যসূচী যুগুত কৰিব বুলি মজদুৰ ইউনিয়নৰ প্ৰচাৰ সচিব পুলক গগৈয়ে এটা বিজ্ঞপ্তিত প্ৰকাশ কৰিছে। কাৰ্যনিৰ্বাহক সভা সফল কৰি তুলিবলৈ আজিৰে পৰা তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ, কাটিহাৰ, বঙাইগাঁও আৰু ডিব্ৰুগড় ৱৰ্কশ্বপৰ প্ৰতিনিধিসকলে আগৰতলালৈ বুলি ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।

Related News