NORTHEAST NOW (Assamese)

৩০ মাৰ্চত মুখাশিল্পী ৰেৱকান্ত মহন্তক প্ৰদান কৰিব ‘মঘাই ওজা সৃজন বটাঁ’

March 27, 2018 1:23 pm · এন ই নাও নিউজ

মুখাশিল্পী ৰেৱকান্ত মহন্তলৈ আগবঢ়োৱা  হৈছে ২০১৮ বৰ্ষৰ ‘মঘাই ওজা সৃজন বঁটা’। গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এখন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৩০ মাৰ্চৰ সন্ধিয়া এই বটাঁ প্ৰদান কৰা হ’ব।

বিশিষ্ট মুখাশিল্পীগৰাকীক প্ৰদান কৰিবলগীয়া এই বটাঁত নগদ ২৫ হাজাৰ টকাৰ এখন চে’ক, অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ আৰু এখন স্মাৰক পত্ৰ প্ৰদান কৰা হ’ব। সোমবাৰে সৃজনাসম ন্যাসৰ পৰিচালন ন্যাসৰক্ষী মৃদুস্মিতা দাসে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল আয়োজন কৰি এই কথা ঘোষণা কৰে।

বঁটা প্ৰদান অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্ন বৰুৱা, তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ভি কে জৈনৰ লগতে বহুটো বিশিষ্ট লোক  উপস্থিত থাকিব বুলিও উক্ত সংবাদমেলতে প্ৰকাশ কৰে।

মৃদুস্মিতা দাসে  লগতে কয় যে ন্যাসে শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে দুখন আঁচনি গ্ৰহণ কৰিছে। সৃজনাসম শিক্ষা প্ৰয়াস আঁচনিৰ অধীনত সমাজৰ আৰ্থিকভাৱে পিছ পৰি ৰোৱা মেধাসম্পন্ন শিক্ষাৰ্থীক জলপানি দিয়া হ’ব।

আনহাতে সৃজনাসম শিক্ষা সাৰথি নামৰ আঁচনিৰ অধীনত বুনিয়াদী পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক জলপানি দিয়াৰ ব্যৱস্থা কৰা হৈছে।

Related News