NORTHEAST NOW (Assamese)

ৰঙিয়াৰ এক্সিছ বেংকৰ শাখাত মহিলাৰ পৰা ২ লাখ টকা কাঢ়ি নিলে দুৰ্বৃত্তই

March 19, 2018 11:10 pm · এন ই নাও নিউজ

সোমবাৰে বিয়লি ৰঙিয়াৰ হস্পাতাল ৰোডত অৱস্থিত এক্সিছ বেংকৰ শাখাত দুই দুৰ্বৃত্তই এগৰাকী মহিলা গ্ৰাহকৰ পৰা দুই লাখ টকা লুট কৰি নিয়ে বুলি জানিব পৰা গৈছে৷

প্ৰাপ্ত তথ্য মতে মহানগৰীৰ নিৱাসী বেগম উপাধিৰ এগৰাকী মহিলাই প্ৰথম অৱস্থাত সোমবাৰে বিয়লি মহানগৰীৰ মহাত্মা গান্ধী পথত থকা ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ পৰা চেক যোগে দুই লাখ টকা উলিয়াই ৷

দুই লাখ টকা উলিওৱাৰ পিছত মহিলাগৰাকীয়ে এক্সিছ বেংকত থকা তেওঁৰ একাউন্টৰ পৰাও আৰু কিছু ধন উলিওৱাৰ বাবে বেংকটোত উপস্থিত হয়।

মহিলাগৰাকীয়ে বেংকটোত উপস্থিত হৈ বেংকৰ এগৰাকী বিষয়াৰ সৈতে ধন উলিওৱা সম্পৰ্কত কথা পাতিবলৈ ধৰাত তেওঁৰ কাষত দুই লাখ টকাৰ বেগটো থয়।

সেই সময়তে পালছাৰ বাইকত অহা দুজন যুৱকে বেংকটোত প্ৰৱেশ কৰে মহিলাগৰাকীৰ কাষৰ পৰা বেগটো থপিয়াই পুনৰ বাইকেৰে তীব্ৰ গতিত সেই স্থানৰ পৰা পলায়ন কৰে৷

আনহাতে বেংকটোত থকা নিৰাপত্তাৰক্ষীয়ে এই সমস্ত দৃশ্যৰ নীৰৱ দৰ্শক হৈ ৰোৱাৰ বাহিৰে আৰু কোনো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে৷

Related News