NORTHEAST NOW (Assamese)

ৰজনী খাৰঘৰীয়াৰ আত্মহত্যাৰ ঘটনা : দেৱাশিস খাৰঘৰীয়াৰ শাহুৱেক আৰু খুলশালীয়েকক জেৰা শিৱসাগৰ আৰক্ষীৰ

July 10, 2018 8:51 pm · এন ই নাও নিউজ

শিৱসাগৰৰ সাংস্কৃতিক কৰ্মী তথা এসময়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াৰ অস্বাভাৱিক মৃত্যুৰ বাবে জগৰীয়া তেওঁলোকৰ পুতেক-বোৱাৰীয়েক ক্ৰমে দেৱাশিস খাৰঘৰীয়া আৰু গীতাশ্ৰী দুৱৰাক এতিয়াও বিচাৰি পোৱা নাই শিৱসাগৰ আৰক্ষীয়ে।

দেৱাশিস আৰু গীতাশ্ৰীক আত্মগোপনত সহায় কৰাৰ সন্দেহত আজি শিৱসাগৰ আৰক্ষীয়ে দেৱাশিসৰ শাহুৱেক আৰু খুলশালীয়েক ক্ৰমে বন্দনা নাথ দুৱৰা আৰু জয়শ্ৰী দুৱৰাক জেৰা কৰিছে বুলি জানিব পৰা গৈছে।

“দুয়োকে শিৱসাগৰ আৰক্ষী থানালৈ মাতি আনি জেৰা কৰি থকা হৈছে। কিন্তু এই পৰ্য্যন্ত তেওঁলোকে বিশেষ একো কোৱা নাই”। ঘটনাটোৰ তদন্ত কৰি থকা আৰক্ষীয়ে বিষয়া উত্তম তামাঙে নৰ্থ-ইষ্ট নাওক এইদৰে জনালে।

উল্লেখযোগ্য যে চোৱাচিতাৰ বাবে আৰ্থিক সক্ষমতা থকা সত্ত্বেও নিজৰ মাক-দেউতাকক চৰম অৱহেলাৰে ভাৰাঘৰত থাকিবলৈ বাধ্য কৰাইছিল দেৱাশিসে। দেৱাশিসৰ ৰুগ্ন মাকৰ এটা ইনছুলিনৰ বাবেও টকা নোহোৱা অৱস্থাত যোৱা ৩০ জুনত ভাৰাঘৰতে অস্বাভাৱিক মৃত্যু হোৱাৰ লগতে দেউতাকেও একেদিনাই আত্মহত্যা কৰিছিল ভাৰাঘৰৰ কোঠাতে।

একমাত্ৰ পুতেক হৈও মাক-দেউতাকক অস্বাভাৱিক মৃত্যুৰ মুখলৈ ঠেলি দিয়া দেৱাশিস খাৰঘৰীয়া আৰু তেওঁৰ পত্নী গীতাশ্ৰী দুৱৰাই ঘটনাৰ পিছৰ পৰাই আত্মগোপন কৰি আছে। ঘটনাৰ পিছদিনা যেতিয়া মৃতদেহ উদ্ধাৰ হয়, তেতিয়া দেৱাশিস আৰু গীতাশ্ৰী ডিমৌত দেৱাশিসৰ শহুৰ-শাহুৱেকৰ ঘৰত আত্মগোপন কৰিছিল। কিন্তু আৰক্ষী যোৱাৰ পূৰ্বে তেওঁলোক তাৰ পৰা আঁতৰি যায়।

উল্লেখযোগ্য যে মাক-দেউতাকৰ অস্বাভাৱিক মৃত্যুৰ পিছতে ইয়াৰ বাবে জগৰীয়া কৰি সৰু বায়েকে ভায়েক দেৱাশিস আৰু তেওঁৰ পত্নী গীতাশ্ৰীৰ বিৰুদ্ধে গোচৰ দিছিল শিৱসাগৰ থানাত।

আজি ১০ দিনেও দুয়োজনৰ কোনো শুংসূত্ৰ নোপোৱা শিৱসাগৰ আৰক্ষীয়ে শাহুৱেক আৰু খুলশালীয়েকক মাতি আনিছে সোধা–পোছাৰ বাবে। এতিয়াও তেওঁলোক দুয়োকে তদন্তকাৰী বিষয়া উত্তম তামাঙে জেৰা চলাই আছে।

Related News