NORTHEAST NOW (Assamese)

ৰঞ্জী ট্ৰফীৰ লগতে ৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেণ্ট খেলিবলৈ সাজু পাহাৰীয়া ৰাজ্য ছিকিম

July 23, 2018 12:19 pm · সাগৰ ছেত্ৰী

এতিয়াৰে পৰা ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে ঘৰুৱা ক্ৰিকেট টুৰ্ণামেণ্টত উপভোগ কৰিব পাৰিব নতুন দলৰ খেল তথা নতুন তাৰকা। হয়, ২০১৮-১৯ বৰ্ষত ক্ৰিকেট ফিল্ডত দেখিবলৈ পাব পাহাৰীয়া ৰাজ্য ছিকিমক।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ছিকিমক দেশৰ সকলোতকৈ সন্মানীয় ক্ৰিকেট টুৰ্ণামেণ্ট ৰঞ্জী ট্ৰফীৰ লগতে দেশৰ ১৪খন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ আনুষ্ঠানিকভাৱে অনুমতি প্ৰদান কৰিছে। এই কথা জানিবলৈ দিয়ে ছিকিম ক্ৰিকেট ব’ৰ্ডৰ বিষয়ববীয়াই।

ছিকিম ক্ৰিকেট ব’ৰ্ডৰ সাধাৰণ সম্পাদক চোনম পালডেন ভূটীয়াই কয় যে বি চি চি আইয়ে আমাৰ বহুদিনীয়া দাবী তথা অনুৰোধ পূৰণ কৰিলে। ছিকিম ক্ৰিকেট প্ৰেমীৰ বাবে এয়া আনন্দৰ খবৰ। তেওঁ লগতে কয় যে ৰাজ্যখনত থকা ক্ৰিকেট খেলপথাৰ সমূহৰ বৰ্তমান অৱস্থা খুব সন্তোষজনক নহয় যদিও পৰৱৰ্তী পৰ্যায়ত এই খেলপথাৰ সমূহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰ থল আছে।

সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয় যে বি চি চি আয়ে আমাক খেলপথাৰ উন্নীতকৰণৰ বাবে ২ কোটি টকা আবণ্টন দিব। আৰু তাৰোপৰি ছিকিমৰ ৰাজ্য চৰকাৰৰ লগতো আলোচনা কৰি খেলপথাৰসমূহ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব।

ভূটীয়াই লগতে কয় যে বি চি চি আইৰ এই পদক্ষেপে ছিকিমৰ স্থানীয় ক্ৰিকেট প্ৰেমীসকলক যথেষ্ট পৰিমাণে উৎসাহিত কৰাৰ লগতে ক্ৰিকেটক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰি সফলতা অৰ্জন কৰিব পাৰিব।

ছিকিমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে ই এক সুখবৰ যদিও ক্ৰিকেট খেলবিধক আগুৱাই নিয়াত ৰাজ্যখনৰ সকলো প্ৰান্তৰ লোকৰে সহায় সহযোগিতা কামনা কৰিছে ছিকিম ক্ৰিকেট ব’ৰ্ডৰ বিষয়ববীয়াই।

Related News