NORTHEAST NOW (Assamese)
অসম

‘ৰণাংগন কবিতা প্ৰতিযোগিতা’ৰ ফলাফল ঘোষণা ৰণাংগন প্ৰকাশন কৰ্তৃপক্ষৰ

Posted by: মিণ্টু দাস June 4, 2018 9:42 pm

মধ্য অসম নগাঁৱৰ পৰা প্ৰকাশিত একমাত্ৰ মাহেকীয়া বাৰ্তালোচনী ‘ৰণাংগন’ অষ্টম বৰ্ষত পদাৰ্পণ কৰাৰ পৰিপ্ৰেক্ষিতত আয়োজন কৰা ‘ৰণাংগন কবিতা প্ৰতিযোগিতা-২০১৮”ৰ ফলাফল ৰণাংগন প্ৰকাশন কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে সাহিত্য-সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা এই কবিতা প্ৰতিযোগিতাত তিনিগৰাকী ভিন্ন স্থানৰ প্ৰতিযোগীয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ঘোষণা কৰা ফলাফল অনুসৰি প্ৰথমস্থান অধিকাৰ কৰিছে তেজপুৰৰ পূবালী বৰুৱা শৰ্মাই, দ্বিতীয়স্থান লাভ কৰিছে যোৰহাটৰ কুসুম শইকীয়া আৰু নগাঁৱৰ গৰিমা দাসে তৃতীয়স্থান লাভ কৰিছে।

আনহাতে এটা বিশেষ দিনত প্ৰতিযোগিতাখনৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ী কবি কেইজনে ক্ৰমান্বয়ে ১০ হাজাৰ, ৭ হাজাৰ, ৫ হাজাৰ টকা আৰু কিতাপৰ টোপোলাৰ উপৰি অংশগ্ৰহণকাৰী সকলো কবিয়ে প্ৰমাণ পত্ৰ লাভ কৰিব বুলি প্ৰকাশন কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

লগতে প্ৰতিযোগিতাখনত কবিসকলৰ যোগদানৰ সঁহাৰিয়ে পৰৱৰ্তী সময়ত বহুলভাৱে সাহিত্য-সংস্কৃতি বিকাশৰ বাবে বিভিন্নধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত সঠিক হোৱা বুলিও ৰণাংগন কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ইফালে ৰণাংগন প্ৰকাশন কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি অসমৰ বিভিন্ন ঠাইৰ দুই শতাধিক কবিয়ে এই কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ফলত ৰণাংগন প্ৰকাশনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো কবিকে অভিনন্দন জনাইছে।