NORTHEAST NOW (Assamese)

ৰাজনৈতিক হেঁচাৰ বাবেই গ্ৰন্থ উৎসৱ স্থলীৰ পৰা আঁতৰিল অমল মেধিৰ কাৰ্টুন

January 11, 2018 6:28 pm · পুলেন্দ্ৰ দাস
বৰপেটা গ্ৰন্থ উৎসৱত বিতৰ্কৰ সৃষ্টি কৰা অমল মেধিৰ কাৰ্টুন

বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ অম্বিকাগিৰী ক্ষেত্ৰত ছয় জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা দ্বিতীয় বৰপেটা গ্ৰন্থ উৎসৱত কাৰ্টুনৰ জৰিয়তে গ্ৰন্থপ্ৰেমীক মুহিবলৈ সক্ষম হোৱা বিশিষ্ট কাৰ্টুনিষ্ট অমল মেধিয়ে গ্ৰন্থ উৎসৱ স্থলীৰ পৰা কাৰ্টুনসমূহ আঁতৰাবলৈ বাধ্য হয়।

সাম্প্ৰতিক সময়ত ৰাজনৈতিক ক্ষেত্ৰত বিশেষভাৱে চৰ্চিত কিছুমান বিষয়ক কাৰ্টুনৰ জৰিয়তে ব্যংগাত্মকভাৱে গ্ৰন্থ উৎসৱ স্থলীত উপস্থাপন কৰি গ্ৰন্থপ্ৰেমীৰ আদৰ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও একাংশ ৰাজনৈতিক কৰ্মীৰ হেঁচাৰ বাবেই কাৰ্টুনসমূহ আঁতৰাবলৈ বাধ্য হোৱা বুলি স্বীকাৰ কৰে কাৰ্টুনিষ্ট অমল মেধিয়ে।

কাৰ্টুনো সাহিত্যৰ এক অন্যতম অংগ বুলি উল্লেখ কৰি কাৰ্টুনৰ জৰিয়তে চৰকাৰ অথবা সমাজৰ কিছুমান বিষয় উপস্থাপন কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা চলোৱা বুলিও উল্লেখ কৰে মেধিয়ে।

উল্লেখ্য যে, গ্ৰন্থ উৎসৱ স্থলীত ‘হিন্দু বাংলাদেশীক সংস্থাপন’, কেন্সাৰ ৰোগ বিতৰ্ক, গঁড় হত্যা ৰোধ কৰা, বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান আদি বিষয়সমূহ কাৰ্টুনৰ জৰিয়তে উপস্থাপন কৰিছিল যদিও ৰাজনৈতিক বিষয়সমূহ কাৰ্টুনৰ জৰিয়তে উপস্থাপন কৰাটো মানি ল’ব পৰা নাছিল ৰাজনৈতিক দলৰ একাংশ কৰ্মীয়ে।

ৰাজনৈতিক দলৰ উক্ত কৰ্মীসকলৰ অযথা হেঁচাৰ বাবেই গ্ৰন্থ উৎসৱ স্থলীৰ পৰা কাৰ্টুনসমূহ আঁতৰোৱা বুলি স্বীকাৰ কৰে অমল মেধিয়ে। কাৰ্টুনসমূহ আঁতৰোৱাক কেন্দ্ৰ কৰি গ্ৰন্থপ্ৰেমীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related News