NORTHEAST NOW (Assamese)

ৰাজ্যত এসপ্তাহৰ ভিতৰত তৃতীয়টো দলবদ্ধ ধৰ্ষণৰ ঘটনা : নগাৱঁত নাবালিকাক ধৰ্ষণ কৰি জ্বলাই দিয়াৰ চেষ্টা

March 23, 2018 9:23 pm · এন ই নাও নিউজ
Updated: March 24, 2018 7:29 pm

যোৱা ১৫ মাৰ্চত হাইলাকান্দিত এজনী ১৪ বছৰীয়া ছোৱালীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা আৰু ১৬ মাৰ্চত নগাৱঁৰ কামপুৰত এগৰাকী বিবাহিত মহিলাক স্বামীৰ সন্মুখতে দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ পিছত আজি পুনৰ গা শিয়ৰি উঠা ধৰণৰ এক জঘন্য ধৰ্ষণৰ ঘটনাই সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে।

নগাৱঁত আজি সংঘটিত এই ঘটনাটোৱে সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে তথা সকলো স্তৰৰ নাগৰিকক ভবাই তুলিছে। এটা সূত্ৰৰ মতে, আজি (২৩ মাৰ্চ) দিনৰ ২ মান বজাত নগাৱঁৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনিয়াভেটিৰ লালুং গাৱঁত এজনী ১৩ বছৰীয়া ছোৱালীক ঘৰত মানুহ নথকাৰ সুযোগ লৈ ঘৰৰ পৰা উলিয়াই নি পথাৰৰ মাজত ধৰ্ষণ কৰে তিনিটা পাষণ্ডই।

ধৰ্ষণ কৰাৰ পিছত ছোৱালীজনীক দুৰ্বৃত্তকেইটাই কেৰাচিন ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰে।

নাবালিকাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত একাংশ লোকে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰে। লগে লগে নাবালিকা ছোৱালীজনীক নগাঁও অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও। বৰ্তমান নাবালিকাজনীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আনহাতে শৰীৰৰ ৯০ শতাংশ জ্বলি যোৱা সত্ত্বেও ছোৱালীজনী অপৰাধীকেইজনৰ নাম ক’বলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। ছোৱালীজনীৰ ভাষ্যৰ ভিত্তিত পৰিয়ালৰ লোকে জাকিৰ হুছেইন, ৰুহুল আমিন আৰু এমদাদুল হকৰ নাম উল্লেখেৰে বটদ্ৰৱা থানাত এজাহাৰ দাখিল কৰিছে। জানিব পৰা মতে, অভিযুক্তকেইজনৰ লগতে এই ঘটনাৰ পিছতে পিতৃ-মাতৃসহ ঘৰৰ লোকসকলেও পলায়ন কৰে।

ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী, জাজৰি আৰক্ষী আৰু নগাঁও জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰিছে। অৱশ্যে এতিয়ালৈকে আৰক্ষী ইয়াৰে এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই। ইফালে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজন নাবালকক আটক কৰি আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related News