NORTHEAST NOW (Assamese)
অসম

ৰাজ্যিক পৰ্যায়ত জিলিকিল বিশ্বনাথ জিলাৰ উশ্বু খেলুৱৈ

Posted by: কাজি জেইদুল ইছলাম August 6, 2018 4:40 pm

গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক উশ্বু প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ‘বিশ্বনাথ জিলা উশ্বু সন্থা’ৰ খেলুৱৈৰ দলে উৎকৃষ্ট প্ৰদৰ্শনৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে যোৱা ১ আগষ্টৰ পৰা ৫ আগষ্টলৈ গুৱাহাটীৰ ‘দেশ ভক্ত তৰুণ ৰাম ফুকন ইনডৰ ষ্টেডিয়াম’ত অনুষ্ঠিত হোৱা ১৫ তম জুনিয়ৰ, ১৫ তম ছাব জুনিয়ৰ আৰু ২২ তম ছিনিয়ৰ ৰাজ্যিক উশ্বু প্ৰতিযোগিতাত ‘বিশ্বনাথ জিলা উশ্বু সন্থা’ৰ তৰফৰ পৰা এটা ৩৪ জনীয়া দল প্ৰেৰণ কৰা হৈছিল।

উক্ত প্ৰতিযোগিতাত বিশ্বনাথ জিলাৰ এই ৩৪ জনীয়া খেলুৱৈৰ ভিতৰত ৭ জনে সোণৰ, ৫ জনে ৰূপৰ আৰু ৯ জন খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।