NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ ৫০০খন খেলপথাৰ উন্নয়নৰ বাবে ব্যয় কৰা হ’ব ২০ লাখ টকা : মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Posted by: এন ই নাও নিউজ March 19, 2018 9:00 pm
মুখ্য মন্ত্ৰী

‘ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ বিকশাই তোলাৰ বাবে ৰাজ্য চৰকাৰে ৫০০ খন খেলপথাৰ উন্নয়ন সাধনৰ বাবে প্ৰতিখনৰ বাবদ ২০ লাখ টকাকৈ ব্যয় কৰিব।’ আজি ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত চলাকটকীত অসম য়ুথ ডেভলপমেণ্ট ফৰামে আয়োজন কৰা ১১ বৰ্ষৰ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে, ‘ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ় দিয়াৰ বাবে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰা হৈছে।’

সৰ্বানন্দই কয় যে ‘ৰাজ্য চৰকাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত এখন ক্ৰীড়া বিশ্ব বিদ্যালয় স্থাপন কৰাৰ উপৰি পঞ্চায়ত পৰ্যায়ত ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিব। ইয়াৰ বাবে চলিত বৰ্ষৰ বাজেটত পুঁজি আবণ্টন কৰা হৈছে।’ লগতে তেওঁ কয় যে ৰাজ্য চৰকাৰে এক ক্ৰীড়া নীতি নিৰূপণ কৰিছে আৰু ইয়াৰ জৰিয়তে অলিম্পক আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক প্ৰাপ্তসকলক চাকৰি আৰু নগদ ধন প্ৰদানৰ ব্যৱস্থা ৰখা হৈছে।

সামৰণি অনুষ্ঠানটোত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক সকল ক্ৰমে তেৰচ গোৱালা, ঋতুপৰ্ণ বৰুৱা, সঞ্জয় কিষাণ, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপু ৰঞ্জন মাৰ্কাৰী, উপায়ুক্ত লয়া মাদুৰীকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।