NORTHEAST NOW (Assamese)
অসম

ৰাজ্য চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ কেইবাজনো বিষয়াৰ ব্যাপক ৰদবদল

Posted by: এন ই নাও নিউজ June 5, 2018 10:21 am

ৰাজ্য চৰকাৰে সোমবাৰে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত এক ব্যাপক ৰদবদল কৰে। সালসলনি কৰা হৈছে শীৰ্ষ পৰ্যায়ৰ কেইবাজনো বিষয়াৰ দায়িত্ব।

উল্লেখযোগ্য যে সোমবাৰে কৰ্মচাৰী বিভাগৰ এক নিৰ্দেশনা অনুসৰি এম জি ভি কে ভানুক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা অব্যাহতি দিয়া হয়। আৰু তেওঁক একেটা নিৰ্দেশতে শ্ৰমিক কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব পদলৈ বদলি কৰা হৈছে।

একেদৰে গৃহ বিভাগৰ প্ৰধান সচিব এল এছ চাংচনক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিবৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

ইফালে প্ৰীতম শইকীয়াক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা অব্যাহতি দি তেওঁক হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্ব দিয়া হৈছে।

লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত জে বি এক্কাক ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ প্ৰধান সচিবৰ নতুন দায়িত্ব, বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনক পশুধন বিভাগৰ আয়ুক্ত সচিবৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

একেদৰে গুৱাহাটী উন্নয়ন বিভাগৰ আয়ুক্ত সচিব ড০ এম অংগমুথুক WPT&BCৰ আয়ুক্ত সচিব পদৰ অতিৰিক্ত দায়িত্ব, ড০ পি অশোক বাবুক পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ সচিব পদৰ ভাৰৰ লগতে বিভাগটোৰ আয়ুক্ত পদৰ দায়িত্বও দিয়া হৈছে।

ইফালে গোৱালপাৰাৰ উপায়ুক্ত ঘনশ্যাম দাসক বদলি কৰি গুৱাহাটী উন্নয়ন বিভাগৰ যুটীয়া সচিব পদৰ দায়িত্ব প্ৰদান কৰাৰ বিপৰীতে গোৱালপাৰাৰ নতুন উপায়ুক্ত পদত বৰ্ণালী ডেকাক দায়িত্ব প্ৰদান কৰা হৈছে।