NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ পদক আজুৰি আনিলে অসমৰ প্ৰতীক্ষা ডেকাই

January 29, 2018 4:14 pm · এন ই নাও নিউজ

ৰাষ্টীয় প্ৰতিযোগিতাত পুনৰ এবাৰ উজলিল অসমৰ খেলুৱৈ। ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোনৰ পদক লাভ কৰি সমগ্ৰ ৰাজ্যৰ লগতে  দৰঙৰ হাজৰিকাপাৰা কুঁৱৰী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।  জানিব পৰা মতে, মুম্বাইত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত দৰং জিলাৰ প্ৰতীক্ষা ডেকাই দুটাকৈ স্বৰ্ণ পদক আজুৰি আনিছে।

অসম দলক প্ৰতিনিধিত্ব কৰা প্ৰতীক্ষা হৈছে দৰঙৰ হাজৰিকাপাৰা কুঁৱৰী গাঁৱৰ গজেন ডেকা আৰু মীৰা ৰাজবংশীৰ কন্যা ৷ উল্লেখ্য যে, প্ৰতীক্ষাই উৰিষ্যা আৰু পঞ্জাৱৰ প্ৰতিদ্বন্দ্বী খেলুৱৈক নিজৰ কৌশল প্ৰয়োগ কৰি সোণৰ পদক দুটা আঁজুৰি আনিবলৈ সক্ষম হয়।

স্মৰ্তব্য যে প্ৰতীক্ষা ডেকা হাজৰিকা পাৰা অসম জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীত অধ্যয়নৰত। ছাত্ৰী প্ৰতীক্ষাৰ এনে সাফল্যত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰতিভা সম্পন্ন খেলুৱৈগৰাকীয়ে যাতে ভৱিষ্যতত আৰু অধিক সাফল্য লাভ কৰি অসমৰ নাম বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰে তাৰ বাবে ৰাজ্যবাসীৰ পৰা আৰ্শীবাদ কামনা কৰিছে দৰঙৰ হাজৰিকাপাৰা কুঁৱৰী গাওঁবাসীয়ে।

Related News