NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় মহিলা বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ অৰ্জন মণিপুৰৰ বক্সাৰ সৰজুৱালা দেৱীৰ

January 14, 2018 11:06 am · এন ই নাও নিউজ
মণিপুৰৰ মহিলা বক্সাৰ সৰজুৱালা দেৱী

পূৰ্বৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা বক্সাৰ সৰজুৱালা দেৱীয়ে আকৌ এবাৰ মণিপুৰৰ নাম উজলালে। এইবাৰ তেওঁ ৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে শ্ৰেষ্ঠ বক্সাৰৰ ট্ৰফীও লাভ কৰে।

মণিপুৰৰ সৰজুৱালাই ৪৮ কেজি শাখাত প্ৰতিদ্বন্দ্বী হাৰিয়ানাৰ ৰিতুক ৩-২ ছেটত পৰাজিত কৰি স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হয়। সৰজুৰ এইটো হৈছে দ্বিতীয়টো ৰাষ্ট্ৰীয় খিতাপ।

অল ইণ্ডিয়া পুলিচক প্ৰতিনিধিত্ব কৰি প্ৰাক্তন বিশ্ব তথা এছীয় চেম্পিয়ন সৰিতা দেৱীয়েও ৬০ কেজি শাখাত স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ এই খিতাপৰ প্ৰতিযোগিতাত আৰএছপিবিৰ পৱিত্ৰাক পৰাজিত কৰে।

শনিবাৰৰ ৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নশ্বিপত সামগ্ৰিক চেম্পিয়ন হিচাপে ৰে’লৱে ক্ৰীড়া বিকাশ পৰিষদে খিতাপ অৰ্জন কৰিছে।

Related News