NORTHEAST NOW (Assamese)

ৰেলপথ প্ৰকল্পৰ পুনৰীক্ষণ কৰিবলৈ নাগালেণ্ডত উপস্থিত কেন্দ্ৰীয় ৰাজ্য ৰেল মন্ত্ৰী ৰাজেন গোহাঁই

March 22, 2018 6:03 pm ·
Updated: March 22, 2018 6:04 pm

নাগালেণ্ডত চলি থকা ৰেলপথ প্ৰকল্পৰ শেহতীয়া কাম কাজ পুনৰীক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় ৰাজ্য ৰেল মন্ত্ৰী ৰাজেন গোহাঁই বুধবাৰে আহি কোহিমাত উপস্থিত হৈছে।

কোহিমাত উপস্থিত হৈয়েই ৰেল মন্ত্ৰীজনে নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য আৰু মুখ্য মন্ত্ৰী নেইফিউ ৰিঅ’ৰ সৈতে বেলেগে বেলেগে আলোচনাত মিলিত হয়।

আলোচনাৰ পিছত নাগালেণ্ডৰ মুখ্য মন্ত্ৰীজনে তেওঁৰ আনুষ্ঠানিক টুইটাৰ একাউণ্টত লিখিছে , ‘ নাগালেণ্ডৰ  বাবে ৰেলপথ প্ৰকল্পৰ কাম খৰতকীয়াকৈ আগবঢ়াই নিয়াৰ বাবে কেন্দ্ৰীয় ৰাজ্য ৰেল মন্ত্ৰীজনৰ সৈতে হোৱা অলোচনাখন ফলপ্ৰসূ হৈছে। ডিমাপুৰ-জুবজা ৰেলপথটোৰ কাম অতি শীঘ্ৰেই সমাপ্ত কৰা হ’ব। ডিমাপুৰ-তিজিত ৰেলপথটোৰ জৰীপ কৰা হ’ব আৰু অধ্যয়ন সমাপ্ত কৰাৰ পিছত আমগুৰি-তুলী ৰেলপথটোও পুনৰাই সক্ৰিয় কৰা হ’ব।‘

নাগালেণ্ডৰ মুখ্য মন্ত্ৰীজনে কৈছে যে ৰেলৱেৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীৰ সৈতে আলোচনাত ডিমাপুৰ-জুবজা ৰেলপথৰ নিৰ্মাণ যথা শীঘ্ৰে সমাপ্ত কৰা আৰু ডিমাপুৰ-তিজলিত ৰেলপথৰ জৰীপ সম্পন্ন কৰা আদি বিষয়ে ঠাই পাইছিল। তেওঁ আমগুৰি-তুলী ৰেলপথচোৱা পুনৰুজ্জীৱিত কৰা কথাও উল্লেখ কৰিছিল।

চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা গৈছে যে তিজলিত-ডিমাপুৰ ৰেলপথৰ ভূমি জৰীপ সম্পন্ন হোৱাৰ পিছত এই ৰেলপথচোৱা পাৰ হৈ যাবলগীয়া ভূমিৰ ক্ষতিপূৰণ আৰু অন্যন্য কাৰিকৰী বিষয়সমূহত আগবঢ়া হ’ব।

আলোচনাত হোৱা সিদ্ধান্ত অনুযায়ী ভূমিৰ সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ পিছত নিবিদা গ্ৰহণ কৰা হ’ব।

তাৰোপৰি, প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত আমগুৰি-তুলী ৰেলপথটোও পুনৰুজ্জীৱিত কৰাৰ আশ্বাস দিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰীজনে।

কেন্দ্ৰীয় ৰেলমন্ত্ৰীজনৰ সৈতে নাগালেণ্ডৰ পৰিবহণ আৰু আসামৰিক বিমান পৰিবহণ মন্ত্ৰী পি পাইৱাং কনিয়াকো আছিল।

Related News