NORTHEAST NOW (Assamese)
অসম

ৰেৱতী ফুকনৰ সন্ধান উলিওৱাৰ বাবে চৰকাৰক দাবী মটক যুৱ ছাত্ৰ সন্মিলনীৰ

Posted by: এন ই নাও নিউজ May 2, 2018 1:01 pm
ATTACHMENT

এসময়ৰ সুদক্ষ ফুটবলাৰ তথা আলফা-চৰকাৰৰ মাজত পি চি জিৰ জৰিয়তে অনুষ্ঠিত আলোচনাত মুখ্য ভূমিকা লোৱা ৰেৱতী ফুকন ৰহস্যজনকভাৱে যোৱা ২২ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ থকাৰ পাছতো অসম চৰকাৰ তথা আৰক্ষী বিভাগে আজি পৰ্যন্ত তেওঁৰ সন্ধান উলিয়াব নোৱাৰাত উদ্বেগ প্ৰকাশ কৰিছে মটক যুৱ ছাত্ৰ সন্মিলনীৰ শিৱসাগৰ জিলা সমিতিয়ে।

মটক যুৱ ছাত্ৰ সন্মিলনীৰ জিলা সমিতিৰ সভাপতি- সম্পাদক ক্ৰমে সঞ্জীৱ চেতিয়া আৰু প্ৰাণদ্বীপ মহনৰ দ্বাৰা স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত তেওঁলোকে কয় যে যোৱা প্ৰায় দহ দিন ধৰি ৰহস্যজনকভাৱে নিৰুদ্দেশ  হৈ থকা ৰেৱতী ফুকনৰ কোনো শুংসূত্ৰ আৰক্ষীয়ে উলিয়াব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক।

সেয়েহে সুদক্ষ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খৈলুৱৈগৰাকীৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত  অসম চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সন্মিলনীয়ে। অন্যথা সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে।

উল্লেখযোগ্য যে ৰেৱতী ফুকনক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে তেওঁৰ পৰিয়ালৰ সূত্ৰই। এই সন্দৰ্ভত আনকি ফুকনৰ পুত্ৰই আনুষ্ঠানিকভৱে তেওঁৰ পিতৃক অপহৰণ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

আশংকা কৰা হৈছে যে আলোচনালৈ পৰেশ বৰুৱা অহাৰ বাট ৰুদ্ধ কৰিবলৈ এটা দুষ্ট চক্ৰই পৰিকল্পিতভাৱে ৰেৱতী ফুকনক অপহৰণ কৰিছে। সেয়েহে এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সন্মিলনীয়ে।