NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ জাগুনত বন্যহস্তীৰ তাণ্ডৱ; নিশা ভাঙি লণ্ড ভণ্ড কেইবাটাও বাসগৃহৰ লগতে দোকান

Posted by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা January 21, 2022 1:30 pm
Elephant Rampage.png 1

তিনিচুকীয়াৰ জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে। নিশা বনৰীয়া হাতীয়ে বিস্তৰ ক্ষতি কৰে গাঁওখনত।

জাগুনৰ সোণালী জনজাতি দেউৰী গাঁৱত যোৱা নিশা বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰে চাৰিটাকৈ বাস গৃহৰ লগতে এখন গাঁৱলীয়া ব্যৱসায়ী প্ৰতিষ্ঠান।

হাতীৰ আক্ৰমণত কোনোপধ্যে প্ৰাণ ৰক্ষা কেবাটাও পৰিয়ালৰ ব্যক্তিৰ।

লগতে পঢ়ক: কাজিৰঙাৰ পৰা ওলাই অহা বাঘে পাহাৰগুৰিত চলালে সন্ত্ৰাস; আক্ৰমণৰ বলি তিনিটাকৈ গো-ধন

বাস গৃহৰ লগতে বনৰীয়া হাতীয়ে ভাঙি চুৰমাৰ কৰে ঘৰৰ আঁচবাব, সা-সামগ্ৰী।

আনহাতে, এই ক্ষেত্ৰত বন বিভাগৰ লোকক জগৰীয়া কৰে গাওঁবাসীয়ে।

বন বিভাগৰ লোকক অকৰ্মণ্য আখ্যা গাওঁবাসীৰ।