ৱিলিয়াম নগৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনত নেশ্যনেল পীপল’ছ পাৰ্টিৰ জয়
নিৰ্বাচন স্থগিত থকা ৱিলিয়াম নগৰ বিধানসভা সমষ্টিত শাসনাধীস্থ নেশ্যনেল পীপল’ছ পাৰ্টিৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিছে আৰু ইয়াৰ বৰ্তমানৰ কংগ্ৰেছ বিধায়ক দেবোৰা চি মাৰাকক তৃতীয় স্থানলৈ থেলি দিছে।
নেশ্যনেল পীপল’ছ পাৰ্টিৰ ভূতপূৰ্ব বিধায়ক মাৰ্কুইজ এন মাৰাকে ৯,৫৫৮টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী ছেংবাথ আৰ মাৰাকে ৪,৬৯৮ টা ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। পূৰ্বৰ শিক্ষা মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক দেবোৰা চি মাৰাক ৪,৫১৭ টা ভোট লাভ কৰি তৃতীয় স্থানলৈ অৱনমিত হয়।
এন চি পিৰ প্ৰাৰ্থী এন মাৰাকে ৪,০০৯টা ভোট লাভ কৰিবলৈ সক্ষম হয় আৰু বিজেপিৰ প্ৰাৰ্থী সন্তোষ আৰ মাৰাকে ৮৬৫টা ভোট লাভ কৰে।ইউ ডি পিৰ মাহামসিং চাংমাই মাত্ৰ ৫১০টা ভোট লাভ কৰে। নিৰ্দলীয় প্ৰাৰ্থী লাহাটছন মাৰাক, জান এন আৰেং আৰু ছিজং আৰ মাৰাকে যথাক্ৰমে ৫০৬, ৩২১ আৰু ২৩০টা ভোট লাভ কৰে। আনহাতে ২৭৬গৰাকী ভোটাৰে কাকো যোগ্য বিবেচনা নকৰিলে (NOTA) ।
নিজৰ দুৰ্গতেই কংগ্ৰেছ দলটোক পৰাজিত কৰি মৰ্চা চৰকাৰৰ নেতৃত্বত থকা এন পি পি দলটোৱে শীৰ্ষত থাকিবলৈ সক্ষম হয়।
নেশ্যনেল পীপল’ছ পাৰ্টিৰ বিজয় মেঘালয়ৰ বিধানসভাত খোপনি পুতিবলৈ আশা কৰি থকা কংগ্ৰেছ দলৰ বাবে এক মোক্ষম আঘাট হৈ পৰিছে।
এই জয়লাভে ৬০জনীয়া মেঘালয় বিধানসভাত বিধায়কৰ সংখ্যা ১৯ৰ পৰা ২০লৈকে বৃদ্ধি কৰি নেশ্যনেল পীপল’ছ পাৰ্টিৰ ভেটি আৰু অধিক মজবুত কৰি তুলিলে।
ইতিমধে নেশ্যনেল পীপল’ছ পাৰ্টিৰ বিজয়ী প্ৰাৰ্থীগৰাকীৰ হাতত ৰিটাৰ্নিং বিষয়াগৰাকীয়ে বিজয়ীৰ প্ৰমাণপত্ৰ অৰ্পণ কৰিছে।
উল্লেখ্য যে এই আসনখনৰ বাবে এপ্ৰিলৰ ২৭ তাৰিখে ভোট গ্ৰহণ কৰা হৈছিল আৰু ৭৮.৮২ শতাংশ ভোটাৰে নিজৰ মতদান সাব্যস্ত কৰিছিল।
প্ৰণিধানযোগ্য যে চি পিৰ প্ৰাৰ্থী জনাথন এন চাংমাক নিৰ্বাচনী প্ৰচাৰৰ পৰা উভতি অহাৰ পাছত সন্দেহজনক গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ উগ্ৰপন্থীয়ে ছাৱিলগ্ৰি গাঁৱৰ ওচৰত হত্যা কৰাৰ পৰিপ্ৰেক্ষিতত এই বিধানসভা সমষ্টিটোত নিৰ্বাচন স্থগিত ৰখা হৈছিল।