NORTHEAST NOW (Assamese)

ৰাজ্যত ৪৮ ঘণ্টাত ১০ গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু : ২৪ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা

July 9, 2020 12:44 pm · কল্পজ্যোতি শইকীয়া
Updated: July 9, 2020 12:47 pm
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যত পুনৰ কোভি১৯ত  আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে দুগৰাকীকৈ লোকে।

গুৱাহাটী বেলতলাৰ প্ৰসন্ন কুমাৰ হালৈ(৭০) আৰু কাৰ্বি আংলংৰ ৰামসিং হাঞ্চেই মৃত্যুক আঁকোৱালি লৈছে।

দুয়োগৰাকীকে অতি জটিল অৱস্থাত GMCH ৰ ভেন্টিলেশ্যনত ভৰ্তি কৰোৱা হৈছিল।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কালি সন্ধিয়া মণিকা ভূমিজ নামৰ শিৱসাগৰৰ যুৱতীগৰাকীয়ে যোৰহাট মেডিকেল কলেজৰ ICU ত মৃত্যুক আঁকোৱালি লৈছিল।

যুৱতীগৰাকী ANEMIA আৰু SEPSIS ৰোগত আক্ৰান্ত আছিল আৰু শিৱসাগৰৰ পৰা যোৰহাট মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে অনা হৈছিল।

কালিৰ দিনৰ ভাগত একেলগে পাঁচজনৰ মৃত্যু হোৱাৰ খবৰ আহিছিল।

গুৱাহাটী হৃদায়েৎপূৰৰ চফীকুল ৰহমান(৬০), বৰপেটাৰ পাটচাৰকুচিৰ ৰমণী মজুমদাৰ (৬০), গুৱাহাটী কাহিলীপাৰাৰ উৎপল কুমাৰ চলিহা (৭৫) আৰু লালগণেশৰ হৰি প্ৰসাদ মণ্ডল (৬৮) আৰু ওদালগুৰিৰ জিতেন্দ্ৰ প্ৰসাদ(৩০)ৰ মৃত্যু হৈছিল।

চাৰিওজনকে GMCH ৰ ICU ত শেষ নিশা ২ বজাৰ পৰা কাহিলী পুৱা ৫ বজাৰ ভিতৰত ভৰ্তি কৰোৱা হৈছিল।

ভেন্টিলেশ্যনত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লৈছিল আটায়ে। আটাইকেইজন নিমুনিয়া, urosepsis আৰু চেপ্তিক স্বক ত আক্ৰান্ত হৈ আছিল।

ৰাজ্যত ৪৮ ঘণ্টাত ১০ গৰাকী লোকৰ মৃত্যু হৈছে। ৰাজ্যত ২৪ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা।

মঙ্গলবাৰে নিশা দেৱী কাকতি নামৰ ডায়েবেটিচ আৰু হাইপাৰ টেনশ্যনত আক্ৰান্ত এগৰাকী মহিলা মৃত্যুৰ মুখত পৰিছিল।

মহিলাগৰাকীক যোৱা ২ জুলাইৰ দিনা বশিষ্ঠৰ ১৫১ বেছ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। তেতিয়াই তেওঁ ক’ৰ’ণাত আক্ৰান্ত হয়।

কিছু সময় পূৰ্বে কলিয়াবৰৰ ধদাৰাম মুৰা(৪০) নামৰ লোকজনে GMCH ৰ কোভিড ভেন্টিলেশ্যনত মৃত্যুক আঁকোৱালি লৈছিল।

কোভিডত আক্ৰান্ত হোৱাৰ উপৰিও তেওঁ নিমুনিয়া আৰু চেপ্তিক শ্বকত আক্ৰান্ত আছিল।

তেওঁক ১ জুলাইৰ দিনা GMCH ৰ কোভিড ICU ত ভৰ্তি কৰোৱা হৈছিল।

মুৰাৰ শোকস্তব্ধ পৰিয়াললৈ মন্ত্ৰীগৰাকীয়ে সম বেদনা জ্ঞাপন কৰে।

ৰাজ্যত মুঠ ১৪০৩২ গৰাকী লোক আক্রান্ত হোৱাৰ উপৰিও বৰ্তমানলৈ ৮৭২৬ গৰাকী লোক কোভিড মুক্ত হৈ ঘৰলৈ উভটিছে।

বৰ্তমান ৫২৮১ গৰাকী লোক ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Related News