NORTHEAST NOW (Assamese)

যৌন নিৰ্যাতনৰ বলি মণিপুৰৰ ১০ বছৰীয়া কিশোৰী! এজন গ্ৰেপ্তাৰ

April 6, 2025 5:12 pm · এন ই নাও নিউজ, গুৱাহাটী

মণিপুৰৰ চাণ্ডেল জিলাৰ এগৰাকী ১০ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগত মণিপুৰ আৰক্ষীয়ে এজন নাবালকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা নাবালকজনক আইনৰ  সংঘাতত লিপ্ত শিশু (চিচিএল) হিচাপে চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, বৰ্তমান চুৰাচান্দপুৰ বাসিন্দা এই কিশোৰীগৰাকীক যৌন নিৰ্যাতনৰ ঘটনাৰ পিছত চাণ্ডেল জিলাৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ঘটনাৰ বিষয়ে তথ্য লাভ কাৰাৰ পিছতে চুৰাচান্দপুৰ মহিলা আৰক্ষী থানাৰ বিষয়াসহ মণিপুৰ আৰক্ষীৰ এটা দল, তদন্তৰ বাবে চিকিৎসালয়ত উপস্থিত হয়। তদন্তৰ মাজতে আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰে আৰু চুৰাচান্দপুৰ মহানগৰীৰ বিভিন্ন সন্দেহজনক ঠাইত তালাচী অভিযান চলায়।

পৰৱৰ্তী সময়ত সন্ধিয়াৰ ভাগত চুৰাচান্দপুৰ জিলাৰ টুইবং মহকুমাৰ জিয়ন ভেঙৰ পৰা আৰক্ষীয়ে এই শিশুটিক গ্ৰেপ্তাৰ কৰে। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত কৰিছে।

Related News