NORTHEAST NOW (Assamese)

টীয়কৰ অন্যতম সৰবৰহী ব্যক্তি পৰমানন্দ বৰাৰ জন্ম শতবাৰ্ষিকী উদযাপন

September 12, 2021 4:12 pm · নিৰ্মলেন্দু পাঠক
Updated: September 12, 2021 5:34 pm

100 years birth,যোৰহাট জিলাৰ টীয়ক ব্ৰাহ্মণ গাঁৱৰ এগৰাকী সৰবৰাহী ব্যক্তি পৰমানন্দ বৰাৰ ঘৰৰ প্ৰাংগণত পৰিয়াল তথা ৰাইজৰ সহযোগত আজি জন্ম শতবৰ্ষ উদযাপন কৰা হয়।

শতবৰ্ষ গৰকা এইগৰাকী ককাই গাঁৱখনৰ নাম লগোৱা,ভোজ ৰান্ধনি,দেউৰিৰ দৰে বিভিন্ন সামাজিক দায়িত্ব পালন কৰি সমাজখনক এক গতি দি আহিছে।

বিভিন্ন অনুষ্ঠানত নাম প্ৰসংগ ধৰ্মীয় আলোচনাত আগভাগ লৈ বিভিন্নজনক সহায়ৰ হাত আগবঢ়াই মানৱতাৰ পৰিচয় দি আহিছে।

আজি ককাই শতবৰ্ষত ভৰি দিছে।এতিয়াও ককাই চচমা নিপিন্ধাকৈ পুৱা খবৰ কাগজ পঢ়ি ওচৰৰ ল’ৰা ছোৱালীক শতবছৰীয়া জীৱনৰ অভিজ্ঞতা কৈ সামাজিক দায়বদ্ধতা পালনৰ প্ৰতি সজাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

আজি পৰিয়ালৰ সকলো গোট খাই গঞা ৰাইজৰ সহযোগত ঘৰৰ গোসাঁইঘৰতে পুৱা নাম প্ৰসংগ আয়োজন কৰি ককাৰ দীৰ্ঘায়ু কামনা কৰে।

লগতে ইষ্ট-কুটুম্ব,  নাতি নতিনীকে ধৰি শুভাকাংক্ষীসকলে নামৰ পাছত ককাক সেৱা প্ৰাৰ্থনা জনাই কেক কাটি উলহ মালহেৰে উদযাপন কৰিছে জন্মদিন।

Related News