NORTHEAST NOW (Assamese)
অসম

চীনৰ পৰা বিদায় ল’বলৈ সাজু ১০০০কোম্পানী; ৩০০টা কোম্পানীৰ ভাৰতলৈ অহাৰ প্ৰস্তুতি!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2020 9:41 am
India-China new

কৰ’না ভাইৰাছৰ আতংকৰ বাবে গোটেই বিশ্বৰে অৰ্থনীতি স্থৱিৰ হৈ পৰা দেখা গৈছে। কিন্তু এনে সময়তে ভাৰতৰ বাবে যেন অপেক্ষা কৰিছে এক ভাল খৱৰে।

বাতৰি অনুসৰি, চীনত সক্ৰিয় হৈ থকা প্ৰায় ১০০০টা কোম্পানীয়ে সম্প্ৰতি ভাৰতলৈ অহাৰ সুযোগ বিচাৰি আছে।

বিজনেছ টুডেৰ এক বাতৰি অনুসৰি, কৰ’না ভাইৰাছৰ বিভীষিকাৰ বাবে চীনত বিদেশী কোম্পানীসমূহে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

এনে পৰিস্থিতিত প্ৰায় ১০০০ বিদেশী কোম্পানীয়ে ভাৰতত প্ৰৱেশৰ বাবে চিন্তা কৰিছে। ইয়াৰ ভিতৰত ৩০০টা কোম্পানীয়ে ভাৰতত কাৰখানা নিৰ্মাণৰ বাবে সকলো প্ৰকাৰে তৈয়াৰ হৈ আছে। তেওঁলোকে সংশ্লিষ্ট চৰকাৰী পক্ষৰ সৈতে আলোচনাও চলাইছে।

কেন্দ্ৰীয় চৰতাৰৰ এগৰাকী বিষয়াই বিজনেছ টুডেৰ আগত এই কথা সদৰী কৰিছে।

বিষয়াগৰাকীৰ মতে বৰ্তমান প্ৰায় ১০০০কোম্পানীয়ে বিভিন্ন পৰ্যায়ত আলোচনা চলাই আছে। ইয়াৰে ৩০০ কোম্পানীক চৰকাৰে নিৰ্বাচিত কৰিছে।

বিষয়াগৰাকীৰ মতে কৰ’না ভাইৰাছ নিয়ন্ত্ৰণলৈ অহাৰ পাছত দেশৰ পৰিস্থিতি উন্নত হ’ব আৰু ভাৰত সামগ্ৰী প্ৰস্তুতকৰণৰ বিকল্প হাব ৰূপে চিহ্নিত হ’ব।

বাতৰি অনুসৰি, নিৰ্দ্ধাৰিত ৩০০টা কোম্পানীয়ে মোবাইল,ইলেকট্ৰনিক্স, মেডিকেল সৰঞ্জাম, টেক্সটাইল আৰু ছিন্থেটিক ফেব্ৰিকছ ক্ষেত্ৰত সক্ৰিয় হৈ আছে আৰু এতিয়া ভাৰতলৈ আহিব বিচাৰিছে।

চৰকাৰৰ ফালৰ পৰা ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিলে এয়া চীনৰ বাবে এক ডাঙৰ আঘাত হ’ব। তদুপৰি, চীনৰ হাতৰ পৰা সামগ্ৰী প্ৰস্তুতকৰণৰ হাব ছিঙি যোৱাৰ শংকা বৃদ্ধি পাইছে।

আনহাতে, ভাৰতে বিদেশী কোম্পানীক দেশলৈ আকৰ্ষণ কৰাৰ বাবে নীতি প্ৰস্তুত কৰাত তৎপৰ হৈ পৰিছে।