NORTHEAST NOW (Assamese)
Popular Stories

৭৭ বছৰ বয়সতো ক’ৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসাত ব্যস্ত এগৰাকী ক্ৰিকেটাৰৰ পিতৃ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2020 9:44 am

দিল্লী ৰঞ্জি ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিথুন মানহাছৰ চিকিৎসক পিতৃয়ে ক’ৰ’না আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাত ব্ৰতী হৈ থকা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

মিথুনে নিজৰ দেউতাকৰ সৈতে কৰা এটা ভিডিঅ’ কলৰ স্ক্ৰিণশ্বট টুইটাৰ শ্বেয়াৰ কৰি কয়, ‍‘মোৰ দেউতাৰ বয়স ৭৭ বছৰ। ইয়াৰ পিছতো তেওঁ ৰোগীসকলৰ চিকিৎসা কৰি আছে’।

ইয়াৰ উপৰি ক্ৰিকেটাৰ গৰাকীয়ে লিখে, ’আপোনাক লৈ আমি গৰ্বিত দেউতা। আমি সকলোৱে আপোনাক বহুত ভাল পাও’।

ইফালে অনুৰাগী সকলে মিথুনৰ দেউতাকক ভূয়সী প্ৰশংসা কৰাৰ লগতে একাংশই লিখিছে যে মিথুনৰ পিতৃ প্ৰকৃত হিৰ’ আৰু তেওঁৰ সাহসক চালাম জনাইছো।

মহামাৰী ক’ৰ’না ভাইৰাছে ৬০ উৰ্ধ্বৰ লোকক সহজে আক্ৰমণ কৰে যদিও মিথুনৰ পিতৃয়ে সেই কথাক আওকান কৰি আক্ৰান্ত সকলক চিকিৎসা প্ৰদান কৰি থকা বিষয়টোৱে সকলোকে আকৰ্ষিত কৰিছে।

উল্লেখ্য যে ২০ বছৰলৈকে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট খেলা মিথুনে গড়ে ৪৫.৮২ কে ৯,৭১৪ ৰান বনাইছিল, য’ত আছে ২৭টা শতক আৰু ৯টা অৰ্ধশতক।