NORTHEAST NOW (Assamese)

লকডাউনৰ বাবে অসমৰ ১০,০০০ প্ৰব্ৰজিত শ্ৰমিক আৱদ্ধ হৈ আছে মিজোৰামত

March 31, 2020 8:51 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

নভেল কৰ’নাভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বলবৎ কৰা ৰাষ্ট্ৰজোৰা লকডাউনৰ বাবে মিজোৰামত ১০,০০০তকৈয়ো অধিক প্ৰব্ৰজিত শ্ৰমিক আৱদ্ধ হৈ আছে। ইয়াৰে অধিকাংশই অসমৰ। সোমবাৰে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে।

এই প্ৰব্ৰজিত শ্ৰমিকসকলৰ অধিকাংশই বিভিন্ন উদ্যোগ আৰু অসংগঠিত খণ্ডত নিয়োজিত হৈ আছিল।

ৰাজ্যখনৰ গৃহ মন্ত্ৰী লালচামলিয়ানাই কয় যে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ নিৰ্দেশ অনুসৰি আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলক খাদ্য আৰু আশ্ৰয় প্ৰদান কৰিছে।

ৰাজ্যৰ গৃহ বিভাগে COVID-19ৰ বাবে গঠন কৰা জিলা পৰ্যায়ৰ সকলো টাস্ক ফ’ৰ্চক তেওঁলোকৰ সংশ্লিষ্ট অঞ্চলত থকা প্ৰব্ৰজিত শ্ৰমিকৰ বাবে সাহায্য ব্যৱস্থা নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে।

সাহায্য ব্যৱস্থাৰ খৰচসমূহ ৰাজ্যিক কোষাগাৰৰ পৰা ব্যয় কৰা হ’ব আৰু সেয়া পাছত ষ্টেট ডাইজেষ্টাৰ ৰেছপন্স ফাণ্ড (এছ ডি আৰ এফ)ৰ পৰা জোৰা মৰা হ’ব।

গৃহ মন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰব্ৰজিত শ্ৰমিকসকলক সাহায্য আগবঢ়োৱাৰ বাবে তেওঁলোকৰ সংশ্লিষ্ট এছ ডি আৰ এফক ব্যৱহাৰ কৰাৰ বাবে ৰাজ্যসমূহক কৰ্তৃত্ব দিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে সাহায্য শিৱিৰ স্থাপন কৰিবলৈ ৰাজ্যসমূহক পত্ৰযোগে নিৰ্দেশ দিছে।

Related News