NORTHEAST NOW (Assamese)
অসম

কলকাতাত ১০০০ কিলোগ্ৰাম ওজনৰ অষ্ট ধাতুৰ মূৰ্তিয়ে দৃষ্টি আকৰ্ষণ কৰিছে ভক্তৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 2, 2022 9:03 pm

কলকাতাৰ দুৰ্গা পূজাত ১০০০ কিলোগ্ৰাম ওজনৰ ১১ ফুট ওখ অষ্ট ধাতুৰ মূৰ্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
পঁচিশজনতকৈও অধিক শিল্পীয়ে মূৰ্তিটো নিৰ্মাণৰ বাবে দিনে-ৰাতিয়ে কাম কৰিছিল আৰু এই মূৰ্তিটো নিৰ্মাণত প্ৰায় ৩৫ লাখ টকা খৰচ হৈছে।

প্ৰখ্যাত ভাস্কৰ্যশিল্পী মিন্টু পাল সমগ্ৰ প্ৰকল্পটোৰ দায়িত্বত আছিল। দুৰ্গা পূজা উপলক্ষে উত্তৰ কলকাতাত ১০০০ কিলোগ্ৰামতকৈ অধিক ওজনৰ মূৰ্তিটো চাবলৈ এতিয়া মানুহৰ ভিৰ লাগিছে। বেনিয়াটোলা সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ পেভিলিয়নত ১১ ফুট ওখ মূৰ্তিটো স্থাপন কৰা হৈছে। মূৰ্তিটো অষ্টাধাতুৰ পৰা তৈয়াৰ কৰা হৈছে।

সোৱা বজাৰ বেনিয়াটোলা সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিয়ে এইবেলি ৭৮ বছৰ সম্পূৰ্ণ কৰিছে। সমিতিখনে দাবী কৰা মতে পূজাত স্থাপন কৰা এই অষ্টধাতুৰ মূৰ্তিটোৱেই এতিয়ালৈকে নিৰ্মিত আটাইতকৈ গধুৰ মূৰ্তি।

উল্লেখ্য কলকাতাৰ দুৰ্গা পূজা বিশ্ববিখ্যাত। দুৰ্গা পূজা প্ৰতি বছৰে কলকাতাত এক নতুন শৈলীত উদযাপন কৰা হয়।
দুৰ্গা পূজা বহু বছৰ ধৰি ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। মানুহে পৰম্পৰাৰ সৈতে এই উৎসৱ উদযাপন কৰি আহিছে। হিন্দু পৌৰাণিক কাহিনীৰ মতে দেৱীয়ে এই সময়ত তেওঁৰ ভক্তসকলক আশীৰ্বাদ কৰিবলৈ পাৰ্থিৱ বাসস্থানলৈ আহে।