NORTHEAST NOW (Assamese)
অসম

ৰাজস্থানৰ সীমান্তত পাকিস্তানৰ ড্ৰোনে পেলাই থৈ গ’ল ৩ কিলোগ্ৰামতকৈও অধিক হেৰোইন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 2, 2022 9:07 pm
ৰাজস্থানৰ সীমান্তত পাকিস্তানৰ ড্ৰোনে পেলাই থৈ গ’ল ৩ কিলোগ্ৰামতকৈও অধিক হেৰোইন

ভাৰতত পাকিস্তানৰ ড্ৰোন প্ৰৱেশ কৰাৰ ঘটনা এতিয়া আৰু নতুন হৈ থকা নাই।

কাশ্মীৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত পাকিস্তানৰ ড্ৰোন প্ৰৱেশ কৰাৰ খবৰ ইতিমধ্যে বহুবাৰ প্ৰকাশ পাইছে।

ইয়াৰ মাজতে পাকিস্তানৰ পৰা প্ৰেৰণ কৰা এখন ড্ৰোনে ৰাজস্থানৰ শ্ৰীগংগানগৰৰ সীমান্তলৈ আহি ৩ কিলোগ্ৰামতকৈও অধিক হেৰোইন পেলাই থৈ যায়।

বিএছএফে চলোৱা তালাচীত ৩ কিলোগ্ৰামৰো অধিক হেৰোইন থকা চাৰিটা পেকেট উদ্ধাৰ হয়। এই ঘটনাৰ পিছতে বিএছএফে পাকিস্তানী ড্ৰোন খনক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে।