NORTHEAST NOW (Assamese)

বিটিএডিত অশান্তি সৃষ্টিৰ চেষ্টা চলাই আছে বিপিএফে : প্ৰমোদ বড়ো

June 15, 2020 1:15 pm · ৰিণয় বসুমতাৰী
Updated: June 15, 2020 1:22 pm
প্ৰমোদ বড়ো

সাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে বিটিএডিত অশান্তি সৃষ্টি কৰাৰ চেষ্টা চলাই আছে, এই অভিযোগ য়ুপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ।

সোমবাৰে সাংবাদিকৰ আগত প্ৰমোড বড়োৱে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁৱত বিপিএফৰ গুণ্ডা বাহিনীয়ে য়ুপিপিএলৰ সদস্যক আক্ৰমণ কৰা বুলি অভিযোগ আনে।

এই সংক্ৰান্তত য়ুপিপিএলে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষী তথা জিলা প্ৰশাসনে দোষীক গ্ৰেপ্তাৰ কৰা নাই বুলি তেওঁ অভিযোগ কৰে।

নেতাগৰাকীয়ে বিটিচিৰ আৰক্ষী মহা পৰিদৰ্শক আৰু উপ মহা পৰিদৰ্শকক কচুগাঁৱৰ উক্ত ঘটনাৰ সৈতে জড়িত আক্ৰমণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায়।

ইয়াৰ উপৰি তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো য়ুপিপিএলৰ কৰ্মীক আক্ৰমণ কৰা কচুগাঁৱৰ ঘটনাৰ ওপৰত চকু দিবলৈ অনুৰোধ কৰে।

Related News