NORTHEAST NOW (Assamese)

এই পৰ্যন্ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ১২.৩৬ শতাংশ

April 23, 2019 11:02 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যৰ ৪টা লোকসভা সমষ্টিত বৰ্তমান চলি থকা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত এই পৰ্যন্ত ১২.৩৬ শতাংশ ভোটাৰে ভোটদান কৰিছে।

উল্লেখযোগ্য যে আজি পুৱা ৭ বজাৰ পৰা দেশৰ আন আন ঠাইৰ লগতে অসমৰ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিৰ বাবে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে।

মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশিত তথ্য অনুসৰি বৰ্তমানলৈকে ধুবুৰীত ১৪.৫২ শতাংশ, কোকৰাঝাৰত ১০.১৪ শতাংশ, বৰেপেটাত ১১.৭১ শতাংশ আৰু গুৱাহাটী সমষ্টিত ১২.৩৬ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।

উল্লেখ্য যে বাতৰি লিখা সময়লৈকে আটাইকেইটা সমষ্টিতে শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি থকা বুলি খবৰ পোৱা গৈছে।

Related News