NORTHEAST NOW (Assamese)
অসম

কৰ্ণাটকত পুনৰ উত্তেজনা: হিজাব পৰিহিতা ১২ ছাত্ৰীক নিদিলে শ্ৰেণীত উপস্থিত থাকিবলৈ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 29, 2022 5:00 pm

হিজাব বিতৰ্কই গা কৰি উঠা কৰ্ণাটকত পৰিস্থিতি স্বাভাৱিক হৈছিল যদিও শেহতীয়াকৈ পুনৰ ১২ গৰাকী হিজাব পৰিহিত ছাত্ৰীক শ্ৰেণীত উপস্থিত থাকিবলৈ নিদিয়াৰ কথাই উত্তেজনাৰ সৃষ্টি কৰিছে।

কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী বি চি নাগেশে শ্ৰেণীকোঠাৰ ভিতৰত কেৱল ইউনিফৰ্ম পিন্ধিহে প্ৰৱেশ কৰিব পাৰিব বুলি ঘোষণা কৰাৰ পিছত শনিবাৰে দক্ষিণ কানাড়া জিলাৰ এখন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই হিজাব পৰিহিত ছাত্ৰীসকলক ঘৰলৈ ঘূৰাই পঠিয়ায়। ঘটনাটো মাংগালুৰুৰ এখন মহাবিদ্যালয়ত সংঘটিত হৈছে। মহাবিদ্যালয়খনে পৰিচালনা সমিতিৰ সিদ্ধান্ত অনুসৰি হিজাব পিন্ধা নিষিদ্ধ কৰিছিল।

বেছিভাগ মুছলমান শিক্ষাৰ্থীয়ে শনিবাৰে হিজাব অবিহনে শ্ৰেণীত উপস্থিত হৈছিল যদিও ১২ গৰাকী শিক্ষাৰ্থীয়ে হিজাব পিন্ধি আহিছিল। তেওঁলোকে শ্ৰেণীত উপস্থিত থাকিবলৈ অনুমতি দিবলৈ কৰ্তৃপক্ষক জোৰ দিছিল। অৱশ্যে মহাবিদ্যালয় খনৰ অধ্যক্ষই তেওঁলোকক শ্ৰেণীত উপস্থিত থকাত বাধা দিছিল আৰু পুথিভঁৰাললৈ যোৱাৰ অনুমতিও অস্বীকাৰ কৰিছিল।
ইয়াৰ পিছতে শিক্ষাৰ্থী কেইগৰাকীয়ে ঘৰলৈ উভতি গৈছিল।

হিজাবকলৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ মাজতে কৰ্ণাটক চৰকাৰে এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিছিল।

শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ স্থিতিতে অটল থকা কৰ্ণাটত চৰকাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত এই বুলি কৈছিল যে হিজাব ইছলামৰ অপৰিহাৰ্য অংগ নহয়।

সেয়ে শিক্ষানুষ্ঠানত হিজাব পিন্ধা নিষিদ্ধ কৰিলেও এয়া কোনো ধৰ্মীয় অধিকাৰ বিৰোধী কথা নহয়।

কৰ্ণাটক চৰকাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত এই বুলি কয় যে হিজাব ইছলামৰ এক অপৰিহাৰ্য ধৰ্মীয় প্ৰথা নহয় আৰু ইয়াৰ ব্যৱহাৰ বন্ধ কৰিলেও এনে কাৰ্যই ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদ উলংঘা কৰাটো নুবুজায়।

ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদে ধৰ্মীয় স্বাধীনতাৰ কথা কৈছে আৰু উক্ত অনুচ্ছেদৰ দোহাই দিয়েই একাংশ লোকে হিজাব নিষিদ্ধ কৰাৰ বিৰোধিতা কৰি আহিছে।