NORTHEAST NOW (Assamese)

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

January 16, 2021 7:44 am · এন ই নাও নিউজ
Updated: January 16, 2021 7:48 am

অৱশেষত বহু প্ৰত্যাশিত দিনটো আহিল।

আজি সমগ্ৰ দেশৰ লগতে অসমতো কোভিডৰ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে আজি পোন প্ৰথমে ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে কোভিডৰ ভেকচিন গ্ৰহণ কৰিব।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা মতে প্ৰথমে ভেকচিন  গ্ৰহণ কৰিবলগীয়া জ্যেষ্ঠ চিকিৎসক সকলৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডাঃউমেশ চন্দ্ৰ শৰ্মা,বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰা আদিও আছে।

অসমত আজি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৩ শতাংশ লোকক কোভিডৰ ভেকচিন প্ৰদান কৰা হ’ব বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে।

ক’ৰ’ণা যোদ্ধা আৰু ৰুগীয় লোকক ভেকচিন প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি তেওঁ কয়।

প্ৰথম পৰ্যায়ৰ ভেকচিন প্ৰদান কাৰ্যসূচীত প্ৰায় ১ লাখ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোকক সামৰি লোৱা হ’ব।

ইয়াৰোপৰি অম্বুলেন্সৰ চালক, প্ৰায় ১ লাখ ৯০ হাজাৰ চিকিৎসক, নাৰ্চ আদিকো প্ৰথম পৰ্যায়ত ভেকচিন প্ৰদান কৰা হ’ব।

ইতিমধ্যে ভেকচিন প্ৰদান কৰিবলৈ ৮৬৫১ গৰাকী লোকক প্ৰশিক্ষিত কৰি তোলা হৈছে।

ৰাজ্যৰ ৬৫ টা কেন্দ্ৰত আজি ভেকচিন প্ৰদান কৰা হ’ব।

অসমে এতিয়ালৈকে কোভিশ্বিল্ডৰ ২০১,৫০০ টা আৰু কোভাক্সিনৰ ২০,০০০ টা ডোজ লাভ কৰিবলৈ সক্ষম হৈছে।

Related News