NORTHEAST NOW (Assamese)

চেন্নাই ছুপাৰ কিংছ দলৰ সৈতে ডুবাইলৈ নাযায় ক্ৰিকেটাৰ হৰভজন সিং

August 21, 2020 10:17 am · এন ই নাও নিউজ

চেন্নাই ছুপাৰ কিংছ দলৰ সৈতে আজি য়ু এ ইলৈ যাত্ৰা নকৰে অফ স্পিনাৰ হৰভজন সিঙে।

বৰ্তমান অফ স্পিনাৰ গৰাকীৰ মাতৃৰ শাৰিৰীক অৱস্থা ভাল নহয় সেয়ে তেওঁ দলৰ সৈতে ডুবাইলৈ নাযায়। ফ্ৰেন্সাইজিক এই কথা অৱগত কৰিছে।

জানিব পৰা মতে ভাৰতীয় ক্ৰিকেটৰ অভিজ্ঞ অফ স্পিনাৰ গৰাকীয়ে অহা দুই সপ্তাহমানৰ ভিতৰত দলত যোগ দিব।

ইফালে য়ু এ ইলৈ ৰাওনা হোৱাৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছ দলে আয়োজন কৰা পাঁচদিনীয়া অনুশীলন শিবিৰতো যোগদান কৰা নাছিল হৰভজন সিঙে।

অনুশীলন শিবিৰত ভাগ নোলোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি মাতৃৰ অসুস্থতাৰ বাবেই ক্ৰিকেটাৰ গৰাকীয়ে শিবিৰত অংশ লোৱা নাছিল।

উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছ দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু দলৰ গুৰুত্বপূৰ্ণ বেটছমেন সুৰেশ ৰাইনাই যোৱা ১৫ আগষ্টৰ দিনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

Related News