NORTHEAST NOW (Assamese)
অসম

ঘাটক হাইৱে! : দুটা পৃথক পৃথক পথ দুৰ্ঘটনাত ২ গৰাকী মহিলাসহ থিতাতে মৃত্যু ১৩ গৰাকী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 24, 2021 1:05 pm
index.jpg

দেশত সংঘটিত দুটা পৃথক পৃথক পথ দুৰ্ঘটনাত দুগৰাকী মহিলাসহ নিহত হৈছে ১৩ গৰাকী লোক।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মংগলবাৰে নিশা উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ নাউজহীল আৰক্ষী থানাৰ যুমনা এক্সপ্ৰেছ হাইৱেত এখন অইল টেংকাৰত সৰু চাৰিচকীয়া বাহনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় এটা পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত কাৰখনত থকা দুগৰাকী মহিলাসহ ৭ গৰাকী আৰোহীৰ থিতাতে মৃত্যু হয়।

“যমুনা এক্সপ্ৰেছ হাইৱেত এখন টেংকাৰত খুন্দা মৰাৰ ফলত কাৰখনত থকা দুগৰাকী মহিলাসহ ৭ গৰাকী লোকৰ থিতাতে মৃত্যু হয়। মথুৰা আৰক্ষী অধীক্ষক গৌৰৱ গ’ভাৰে সংবাদ মাধ্যমৰ আগত কয়।

মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জনাইছে জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে।

ইফালে অন্য এটা পথ দুৰ্ঘটনাত নিহত হৈছে ৬ গৰাকীকৈ লোকৰ।

এই দুৰ্ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰত। মংগলাবৰে পুৱতি নিশা ২ মান বজাত ইন্দোৰৰ তালাৱলী চন্দা অঞ্চলত তীব্ৰ বেগী অইল টেংকাৰ আৰু কাৰৰ মাজত হোৱা মুখামুখি সংষৰ্ঘৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত কাৰখনত থকা ৬ গৰাকী আৰোহীৰ আটাইকেইগৰাকীয়ে ঘটনাস্থলীতে মৃত্যু হয় বুলি প্ৰকাশ কৰিছে স্থানীয় আৰক্ষীয়ে। ইতিমধ্যে মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।