NORTHEAST NOW (Assamese)
Popular Stories

যোগীৰাজ্যত এতিয়াও সুৰক্ষিত নহয় নাৰী : পুনৰ দলিত কিশোৰীক ধৰ্ষণ, প্ৰহাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 24, 2021 1:54 pm
unnamed

যোগী আদিত্যনাথৰ শাসিত ৰাজ্য উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে অন্য এক ধৰ্ষণ কাণ্ড।

এইবাৰ ৰাজ্যখনৰ মাহোবা জিলাৰ এগৰাকী দলিত কিশৰীক ধৰ্ষণ কৰাৰ বাতৰি আহিছে।

ইতিমধ্যে কিশোৰীগৰাকীৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কাল্লু ৰাজপুট আৰু ৰোহিত যাদৱ নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা দেওবাৰে এগৰাকী ১৬ বছৰীয়া দলিত কিশোৰীগৰাকীৰ পাণৱলী বাসগৃহত শাৰীৰিকভাৱে অত্যাচাৰ কৰি ধৰ্ষণ কৰা হৈছিল।

১৮ ফেব্ৰুৱাৰিত নিৰ্যাতিতা কিশোৰীগৰাকীৰ পিতৃয়ে আৰক্ষী থানত অভিযোগ দাখিল কৰাৰ পিছত মংগলবাৰেহে আৰক্ষীয়ে অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

পাণৱলী আৰক্ষী থানাৰ বিষয়াই জনাইছে যে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোই ঘটনাটো তদন্ত কৰি থকা হৈছে।