NORTHEAST NOW (Assamese)
অসম

অসমত আৰু ১৪ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৭৪লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 26, 2020 11:09 pm
Covid death toll in Assam reaches 930

আৰু ১৪গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৭৪লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কৰিমগঞ্জৰ বীৰেন্দ্ৰ কুমাৰ ঘোষ (৭৫), নলবাৰীৰ আজিজুদ্দিন আহমেদ (৩৯), শিৱসাগৰৰ জিতু ছেত্ৰী (৩৬), তিনিচুকীয়াৰ ৰাজিজুল হক (৬২), লখিমপুৰৰ ৰহিম বৰগোহাঁই (৫৮), ধুবুৰীৰ মিণ্টুলাল দে (৭১), নগাঁৱৰ হাফিজুদ্দিন আহমেদ (৬৮), কৰিমগঞ্জৰ নৃতেন্দ্ৰ চন্দ্ৰ দাস (৭৫), কাছাৰৰ পংকজিনী শীল (৮১), কাছাৰৰ শুভ্ৰাংশু চন্দা (৭৬), গোলাঘাটৰ অনু শৰ্মা (৭৫), হোজাইৰ আব্দুল জব্বৰ (৫০), নলবাৰীৰ শ্ৰীৰাম বৈশ্য (৬৫) আৰু কামৰূপ মহানগৰৰ দীপক ভৌমিক (৬১)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত মঙলবাৰলৈকে ২৬০গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে অসমত মঙলবাৰলৈকে ৭৪,৮১৪গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত মঙলবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ১৯,৫১৫গৰাকী।

৯৪,৫৯২গৰাকী ব্যক্তি অসমত মঙলবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।