NORTHEAST NOW (Assamese)

লখিমপুৰৰ লালুকত ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ : দুজন নৰাধমক গ্ৰেপ্তাৰ, এজন পলাতক

August 11, 2018 10:46 pm · এন ই নাও নিউজ
Updated: August 11, 2018 10:48 pm

লখিমপুৰৰ লালুকত নগাওঁ জিলাৰ বটদ্ৰৱাৰ অনুৰূপ এটা ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটোক। যোৱা নিশাৰ এই ঘটনাটোত এগৰাকী ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰে তিনিজনকৈ নৰাধমে। আৰক্ষীয়ে ইয়াৰে দুজনক গ্ৰেপ্তাৰ কৰিছে। আনজন এতিয়াও পলাতক হৈ আছে।

আৰক্ষীৰ সূত্ৰমতে, এই নৰাধম তিনিজনে এজনী ছোৱালীক লালুকৰ বিষ্ণুপুৰত থকা এটা নিৰ্জন ঘৰত আবদ্ধ কৰি লৈ যোৱা নিশা উপৰ্যুপৰি ধৰ্ষণ কৰে।

গ্ৰেপ্তাৰ কৰাকেইজনৰ নাম হ’ল ক্ৰমে ৰাজিবুল ইচলাম আৰু নূৰ আলম। আনহাতে এওঁলোকৰ লগৰ এজন পলাই সাৰে।

আৰক্ষীয়ে এতিয়াও পলাতকজনক ধৰিবলৈ চেষ্টা কৰি আছে। ঘটনাৰ তদন্ত অব্যাহত আছে বুলি লালুক আৰক্ষী থানাৰ সূত্ৰই জানিবলৈ দিয়ে।

Related News