NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ চতিয়াত আৰম্ভ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

Posted by: কাজি জেইদুল ইছলাম February 3, 2019 5:28 pm
Biswanath Goria Moria

বিশ্বনাথৰ চতিয়াত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ চতুৰ্দশ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু জাতীয় চেতনা বিকাশ সমাৱেশ। প্ৰতিষ্ঠা দিৱসৰ লগতে সমাৱেশখন বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ চতিয়া গৰিয়া সুৰক্ষা পৰিষদৰ সহযোগত আয়োজন কৰা হৈছে।

গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি আলহাজ আফতাব উদ্দিন আহমেদে পতাকা উত্তোলন কৰি  প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে বন্তি প্ৰজ্জ্বলন আৰু সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

উল্লেখ্য যে প্ৰথম দিনৰ সম্বৰ্ধনা কাৰ্যসূচীত উপস্থিত থকা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নিজৰ বক্তব্যত খিলঞ্জীয়া মুছলমান সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

সম্বৰ্ধনা অনুষ্ঠানত পদ্ম হাজৰিকাৰ উপৰি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বহু কেইজন কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদকৰ লগতে কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।

সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে বিধায়ক পদ্ম হাজৰিকা আৰু প্ৰমোদ বৰঠাকুৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে। এই সাংস্কৃতিক শোভাযাত্ৰাত বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনগোষ্ঠীৰ লোকে পৰম্পৰাগত সাজ-পাৰৰ সৈতে অংশ লয়।