NORTHEAST NOW (Assamese)

ৰঞ্জি ট্ৰফীৰ বাবে অৰুণাচল প্ৰদেশৰ ১৫ জনীয়া দল ঘোষণা

October 17, 2018 11:03 am · ডেমিয়েন লেপছা
Updated: October 17, 2018 11:16 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফীত অংশ ল’বলগীয়া অৰুণাচল প্ৰদেশৰ ১৫ জনীয়া ক্ৰিকেট দলটো মঙলবাৰে অৰুণাচল ক্ৰিকেট এছ’চিয়েশ্যনৰ নিৰ্বাচক মণ্ডলীয়ে ঘোষণা কৰিছে।

ঘোষিত দলটো ক্ৰমে কামছা য়াংফ’, ইণ্ডিয়া টকু, টেছি ড’ৰিয়া, লিছা টেহী, নীলম অবি, টেছি টাহিন, অখিলেষ সাহানি, সন্দীপ কুমাৰ ঠাকুৰ, মহম্মদ ছোইব, সুভাষ শৰ্মা, প্ৰতীক সিং, আকাশ সিং, সমাৰ্থ শৰ্মা, খিতিজ শৰ্মা আৰু হায়াট আনছাৰি।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআয়ে আয়োজন কৰি অহা ৰঞ্জি ট্ৰফী হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ তথা সন্মানীয় প্ৰথম শ্ৰেণী প্ৰতিযোগিতা। বিভিন্ন ৰাজ্য, অঞ্চল, চহৰ আৰু সংস্থাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আৰু এই সন্মানীয় প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰিব অৰুণাচল প্ৰদেশ।

ৰঞ্জি ক্ৰিকেটত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰা আন এটা উত্তৰ-পূবৰ দল মেঘালয়ৰ বিপক্ষে অহা ১ নৱেম্বৰত নিজৰ অভিযান আৰম্ভ কৰিব অৰুণাচলে। ইফালে অৰুণাচলৰ সকলোবোৰ ঘৰুৱা খেল অসমত অনুষ্ঠিত হ’ব।

Related News