NORTHEAST NOW (Assamese)

Rajasthan cabinet reshuffle: ৰাজস্থানৰ গেহলট মন্ত্ৰীসভাত ১৫ গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণ

November 21, 2021 7:22 pm · এন ই নাও নিউজ,গুৱাহাটী

কংগ্ৰেছ নেতৃত্বাধীন ৰাজস্থানৰ অশোক গেহলট চৰকাৰৰ আজি মন্ত্ৰীৰ সাল-সলনি পৰ্ব সম্পন্ন হয়। আজি সন্ধিয়াৰ ভাগত গেহলট মন্ত্ৰীসভাত ১১ গৰাকী কেবিনেট আৰু ৪ গৰাকী ৰাজ্যিক মন্ত্ৰীক অন্তৰ্ভূক্ত কৰা হয়।

মুঠ ১৫ গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণৰ লগে লগে গেহলট মন্ত্ৰীসভাত মুঠ মন্ত্ৰীৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পালে।

উল্লেখ্য ৰাজস্থানৰ চৰকাৰত মুখ্যমন্ত্ৰীকে ধৰি আন মন্ত্ৰীৰ সংখ্যা সৰ্বাধিক ৩০ গৰাকী হ’ব পাৰে।

আজি গেহলট মন্ত্ৰী সভাত স্থান লাভ কৰা মন্ত্ৰীসকলৰ ভিতৰত আছে মমতা ভূপেশ,ভজনলাল জাতভ,টিকাৰাম জুলি হেমৰাম চৌধুৰী,মহেন্দ্ৰজিৎ সিং,ৰামলাল জাট,মহেশ যোশী,গোবিন্দৰাম মেঘাৱাল আৰু শকুন্তলা ৰাৱাট আদি আছে।

আনহাতে গেহলট মন্ত্ৰীসভাত পূৰ্বে আসন শুৱনী কৰা বিশ্বেন্দ্ৰ সিং, ৰমেশ মীনাক কোনো মন্ত্ৰী পদ প্ৰদান কৰা হোৱা নাই।

আজি ৰাজস্থানৰ ৰাজ্যপাল কালৰাজ মিশ্ৰই নতুন মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। ৰাজ্যিক মন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে জাহিদা,ব্ৰিজেন্দ্ৰ সিং ওলা,ৰাজেন্দ্ৰ গুধা, মুৰলী লাল মীনাই।

ৰাজস্থান বিধানসভাত এতিয়া মুঠ ১৯ গৰাকী কেবিনেট মন্ত্ৰী আৰু ১০ গৰাকী ৰাজ্যিক মন্ত্ৰী হ’ল।

উল্লেখ্য মন্ত্ৰী সভাৰ সালসলনিৰ পৰিপ্ৰেক্ষিতত কালি ৰাজস্থান বিধানসভাৰ সকলো মন্ত্ৰীয়ে পদত্যাগ কৰিছিল।

Related News