NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

পৰীক্ষাৰ ফলাফলক লৈ বিবাদ: পিতৃ-মাতৃ, ভাতৃক গুলীয়াই হত্যা ১৫ বছৰীয়া কিশোৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 12, 2022 6:53 pm
boy killed family

বিদ্যালয়ৰ পৰীক্ষাত নিম্ন ফলাফলক লৈ হোৱা বিবাদৰ ফলত এজন ১৫ বছৰীয়া কিশোৰে গুলীয়াই হত্যা কৰিছে নিজ পিতৃ-মাতৃৰ লগতে ১০ বছৰীয়া ভাতৃক। স্পেইনত সংঘটিত হৈছে এই নৃশংস ঘটনা।

স্পেইনৰ দক্ষিণ-পূব বন্দৰ চহৰ আলিকেণ্টেৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত এলচেৰ ঠিক বাহিৰৰ এখন গ্ৰাম্য অঞ্চলত মঙ্গলবাৰে এই হত্যাকাণ্ড সংঘটিত হৈছিল। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত কিশোৰজনক গ্ৰেপ্তাৰ কৰিছে।

মঙ্গলবাৰেই এই হত্যাকাণ্ড সংঘটিত হ’লেও শুক্ৰবাৰে নিশাহে এই ঘটনা পোহৰলৈ আহে। শুকুৰবাৰে নিশা কিশোৰটিৰ মাতৃৰ ভগ্নী তেওঁলোকৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত হত্যাকাণ্ডৰ সম্ভেদ পায়।

কিশোৰটিয়ে মহিলা গৰাকীৰ আগত পৰিয়ালটোৰ সদস্য সকলক হত্যা কৰে বুলি উল্লেখ কৰে। মহিলাগৰাকীয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে।

আৰক্ষীয়ে কিশোৰজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে ১৫ বছৰীয়া কিশোৰজন হত্যাকাণ্ডৰ পিছত তিনিদিন ধৰি মৃতদেহৰ সৈতে ঘৰত অকলে আছিল।

কিশোৰটিয়ে প্ৰথমে ফলাফলক লৈ মাতৃৰ লগত তৰ্কত লিপ্ত হয় আৰু পিছত দেউতাকৰ ৰাইফলেৰে মাকক গুলীয়াই হত্যা কৰে।

ইয়াৰ পিছতে কিশোৰটিয়ে নিজ পিতৃ আৰু ভাতৃকো গুলীয়াই হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।