NORTHEAST NOW (Assamese)
অসম

ছত্তীশগড়ৰ বিজাপুৰ জিলাত নক্সালৰে সংঘৰ্ষত চিআৰপিএফ বিষয়া নিহত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 12, 2022 6:36 pm
naxals-1

শনিবাৰে ছত্তীশগড়ৰ নক্সাল অধ্যুষিত বিজাপুৰ জিলাত নক্সালৰ সৈতে হোৱা সংঘৰ্ষত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চিআৰপিএফ) এজন বিষয়া নিহত হয় ।

এই আক্ৰমণৰ ঘটনাত আন এজন জোৱান আহত হয়। বাস্তাৰ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে জনোৱা অনুসৰি বাচাগুড়া আৰক্ষী থানাৰ অন্তৰ্গত পুটকালেটৰ ওচৰত নক্সালৰ সৈতে চিআৰপিএফৰ সংঘৰ্ষ সংঘটিত হয়।

চিআৰপিএফৰ টহলদাৰী দলটোৱে ৰায়পুৰৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ দূৰৈত থকা ডংগল চিন্ত নদীৰ ওচৰত অৰণ্যত অভিযান চলাবলৈ গৈছিল।

নক্সালৰ আক্ৰমণত চিআৰপিএফৰ ১৬৮ নং বেটেলিয়নৰ সহকাৰী কমাণ্ডেণ্ট শান্তি ভুচান তিৰ্কী নিহত হয়, আনহাতে জোৱান আপ্পা ৰাও আঘাতপ্ৰাপ্ত হয়।