NORTHEAST NOW (Assamese)

চৰকাৰী বিষয়াৰ ঘৰত শ্ৰম-সমাজ কল্যাণ বিভাগৰ অভিযান; ১৫ বছৰীয়া শিশু শ্ৰমিক উদ্ধাৰ

May 9, 2019 9:23 am · এন ই নাও নিউজ
Updated: May 9, 2019 12:50 pm

ধুবুৰী জিলাৰ এজন চৰকাৰী বিষয়াৰ ঘৰত বুধাৰে অৰ্থাৎ ৮ মে’ত শ্ৰম আৰু সমাজ কল্যাণ বিভাগে এক যৌথ অভিযান চলায়। এই অভিযান কালত ধুবুৰী গড়কাপ্তানী বিভাগৰ গৃহ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ চৰকাৰী বাসভৱনৰ পৰ এটি শিশু শ্ৰমিক তথা ১৫ বছৰীয়া কিশোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণি অনুসৰি ধুবুৰী জিলা গড়কাপ্তানী বিভাগৰ সহকাৰী অভিযান্তা দিলীপ শৰ্মাই তেওঁৰ চৰকাৰী আৱাসত আজি কেইবামাহো ধৰি এটি ১৫ বছৰীয়া কিশোৰেক গুৱাহাটীৰ পৰা নি ৰন্ধা-বঢ়া কামত নিয়োজিত কৰিছিল। এই কথা শ্ৰম বিভাগ আৰু সমাজ কল্যাণ বিভাগ আৰু শিশু সুৰক্ষা সমিতিয়ে জানিব পাৰি লগে লগে শৰ্মাৰ আৱাসত অভিযান চলায়।

শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষই আজি অভিযন্তা দিলিপ শৰ্মাক সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত  উপস্থিত হ’বলৈ নিৰ্দেশ দিছে।

আনহাতে চৰকাৰী বিষয়া তথা অভিযন্তা শৰ্মাই কিশোৰ গৰাকীক নিজৰ ভতিজা বুলি দাবী কৰিছে যদিও কিশোৰ গৰাকীয়ে এই কথা অস্বীকাৰ কৰিছে। এতিয়া শ্ৰম আৰু সমাজ কল্যাণ বিভাগে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব। আৰু ঘটনাৰ প্ৰকৃত ৰহস্য তেতিয়াহে ওলাব।

Related News