NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণৰ সময়তে ভাৰতত অনুপ্ৰৱেশৰ বাবে সাজু ১৫০ পাকিস্তানী সন্ত্ৰাসবাদী : জম্মু আৰু কাশ্মীৰৰ ডিজিপি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2020 9:40 pm

পাকিস্তান অধীকৃত কাশ্মীৰৰ পৰা ভাৰতত অনুপ্ৰৱেশৰ বাবে ১৫০ গৰাকী পাকিস্তানী সন্ত্ৰাসবাদী সাজু হৈছে।

জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিবাং সিঙে সংবাদমেলত এই চাঞ্চল্যকৰ স্বীকাৰোক্তি কৰে।

‘‘কাশ্মীৰৰ কুপৱাৰাত ৫ এপ্ৰিলত সুৰক্ষা বাহিনীৰ জোৱানৰ সৈতে হোৱা সংঘৰ্ষত পাঁচ গৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছিল,’’ দিবাং সিঙে লগতে কয়।

ক’ৰ’নাৰ সংক্ৰমণৰ সময়তো পাকিস্তান ভূমিৰ পৰা ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা অব্যাহত ৰখা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ ব্যৰ্থ কৰাৰ বাবে ভাৰতীয় সুৰক্ষা বাহিনীৰ জোৱন সকল সম্পুৰ্ণৰূপে সষ্টম হৈ আছে বুলিও আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, আজি সেনা বাহিনীৰ সৈতে হোৱা প্ৰচণ্ড গুলীয়াগুলীত পাকিস্তান সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ শীৰ্ষস্থানীয় কামাণ্ডাৰ ৰিয়াজ নাইকো নিহত হয়।

দুদিন পূৰ্বে কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত এগৰাকী জম্মু-কাশ্মীৰ আৰক্ষী জোৱানৰ লগতে চাৰি গৰাকী সেনা বাহিনীৰ জোৱান শ্বহীদ হ’বলগীয়া হৈছিল।

এই সংঘৰ্ষত সময়ত এগৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। সন্ত্ৰাসবাদী সকলে আশ্ৰয় লৈ থকা সাধাৰণ নাগৰিকৰ জীৱন বচোৱাৰ বাবেই সেনা বাহিনীৰ জোৱান কেইগৰাকীয়ে শ্বহীদ হয়।